দুৰ্গোৎসৱৰ বানচেই কাল হৈ নামিল ভতিজীৰ বাবে, ডিগবৈত নিজৰ খুৰাকেই…
ডিগবৈত এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে। নিজৰ খুৰাইকেই প্ৰাণ কাঢ়িলে ভতিজীৰ। সুৰাত মাতাল হৈ আহি ডিঙি ৰেপি হত্যা কৰে ভতিজিক। ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈ চাহ বাগিচাত এই হত্যাকাণ্ড সংঘটিত হৈছে৷
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, চাহ বাগিচাত কাম কৰা খুৰাকে দুৰ্গা পূজা উপলক্ষে মালিক পক্ষৰ পৰা বানচ লাভ কৰিছিল। সেই বানচ লাভ কৰাৰ পাছতেই সুৰাৰ ঘাটিত গৈ সস্তিয়া সুৰা সেৱন কৰি সুৰাৰ ৰাগীত মাতাল হৈ আহে। ঘৰলৈ আহিয়ে ১৩ বছৰীয়া কনমানি ভতিজীক ডিঙি ৰেপি হত্যা কৰে। কালি ৮ অক্টোবৰ তাৰিখে নিশা সংঘটিক হৈছে এই ঘটনা।
এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত এজন খুৰাকৰ এই হত্যাকাণ্ড। যি হত্যা কাণ্ডই এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল। মিঠুন ভুমিজ নামৰ লোক জনে এই হত্যাকাণ্ড সংঘটিত কৰে।
উল্লেখযোগ্য যে পাৱৈ চাহ বাগিচাত দ্ৰুতগতিত শিপাই যোৱা চুলাই আৰু সস্তীয়া অৰুণাচলী সুৰাৰ বাবেই আজি জঘন্য হত্যাকাণ্ডটি সংগঠিত হয়। পাৱৈ চাহ বাগিচাত দুৰ্গোৎসৱৰ বাবে দিয়া বোনাচ তথা বানচ কালি হৈছিলহে।
পাৱৈ চাহ বাগিচাখনৰ ৩ নম্বৰ লাইনত বানচ আৰু পুজাৰ বতৰক লৈ উৎসৱমুখৰ পৰিৱেশ আছিল। এনে বতৰতে নিচাসক্ত লোকৰ তাণ্ডৱো ঠায়ে ঠায়ে দেখা পোৱা গৈছিল।
তেনেসময়ত মিঠুন ভুমিজে মদৰ ৰাগিত ঘৰলৈ আহি ১৩ বছৰীয়া ভতিজীক কুঠাৰেৰে ডিঙিত ঘপিয়াই দুচেও কৰে। লগে লগে ডিগবৈ আৰক্ষী চকীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ মিঠুন ভুমিজক কৰায়ত্ত কৰে।
ভতিজী গৰাকীৰ নিথৰ দেহ কালিতেই নিশাটো আৰক্ষী চকীতেই ৰাখি আজি পুৱা মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে । সচেতন মহলে পাৱৈ চাহ বাগিচাত দোপতদোপে বাঢ়ি থকা মদৰ প্ৰচলনৰ বাবেই শিশুটিৰ কৰুণ মৃত্যু হ’ল বুলি দাবী কৰিছে l
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















