সঁচাকৈয়ে অখিলেশ যাদব গ্ৰেপ্তাৰ হ’ব নেকি ! আকোঁৰগোজ সমাজবাদী পাৰ্টীৰ অধক্ষ্যগৰাকী
উত্তৰ প্ৰদেশৰ গোমটিনগৰত অৱস্থিত জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ (জেপিএনআইচি) ভ্ৰমণৰ বাবে আকোৰগোজ সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱ। কেন্দ্ৰলৈ গৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিচাৰে, কিন্তু ৰাজ্য চৰকাৰে অখিলেশ যাদৱক সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা আৰু মাল্যাৰ্পণ কৰাত বাধা দিছে। অখিলেশ যাদৱ কেন্দ্ৰটোত প্ৰৱেশৰ বাবে অনুমতি ল’বলৈ কোৱা হৈছে।
চৰকাৰৰ মনোভাৱৰ বিৰুদ্ধে অখিলেশ যাদৱেও এটা ফ্ৰণ্ট মুকলি কৰিছে। এতিয়া অখিলেশ যাদৱ আৰু তেঁওৰ সংগীবৃন্দই অনুমতি অবিহনে কেন্দ্ৰটোলৈ যাব বিচাৰিছে, কিন্তু লক্ষ্ণৌ আৰক্ষীয়েও তেওঁলোকক বাধা দিয়াৰ বাবে কঠোৰ ব্যৱস্থা কৰিছে।
লক্ষ্ণৌস্থিত অখিলেশ যাদৱৰ ঘৰৰ বাহিৰত বেৰিকেড বান্ধি বহু সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ১০৯০ নং ছেক্সনত বাধা দিয়া হৈছে অখিলেশ যাদৱক। ইয়াৰ বাবে আজি শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা ছেক্সনটোত যাতায়তৰ পথো ডাইভাৰ্ট কৰা হৈছে।
একে সময়তে জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰলৈ অহা আৰু যোৱা দুয়োটা পথতে তিনিটা স্তৰৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৰেপিড একচন ফৰ্চ আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ জোৱান আৰু কমাণ্ডো মোতায়েন কৰা হৈছে। কেন্দ্ৰটোৰ মূল গেটখন ১০ ফুট ওখ টিনৰ চাদৰেৰে ঢাকি ছীল কৰা হৈছে, কাৰণ বিগতবৰ্ষত জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকীত অখিলেশ যাদৱ কৰ্মীসকলে সেই গেটৰ ওপৰেৰে জপিয়াই গেট ভাঙি মাল্যাৰ্পণ কৰিবলৈ গৈছিল।
সেয়ে এইবাৰ আৰক্ষীক পূৰ্বেই নিৰ্দেশ দিয়া হৈছে যে অখিলেশ যাদৱক কোনো কাৰণতে কেন্দ্ৰটোত উপস্থিত হ’বলৈ দিয়া উচিত নহয়। সেয়ে এইবাৰ চৰকাৰে জেপিএনআইচিৰ লগতে সমগ্ৰ অঞ্চলটো ছীল কৰি দিয়াত যোৱা নিশাৰ পৰা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ প্ৰচেষ্টা অখিলেশ যাদৱক ঘৰৰ পৰাই ওলাই আহিবলৈ নিদিবলৈ। এনে পৰিস্থিতিত অখিলেশক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ