১ নৱেম্ববৰত গুৱাহাটী মহানগৰত স্থানীয় বন্ধৰ ঘোষণা
অহা ১ নৱেম্বৰ শুকুৰবাৰে গুৱাহাটী মহানগৰীত স্থানীয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ ফালৰ পৰা।
দীপাৱলী উপলক্ষে এই স্থানীয় বন্ধৰ ঘোষণা।
৩১ অক্টোবৰ তাৰিখে এইবাৰ ২০২৪ চনৰ দীপাৱলী উৎসৱ উদযাপন কৰা হব।
তাৰ পাছতে পিছৰদিনা অৰ্থাৎ ১ নৱেম্বৰ তাৰিখে স্থানীয় বন্ধৰ ঘোষণা কৰি এক জানানি প্ৰকাশ কৰিছে মহানগৰ প্ৰশাসনৰ ফালৰ পৰা।
সেই দিনটোত সকলো চৰকাৰী কাৰ্যালয়কে ধৰি গুৱাহাটীৰ সকলো শিক্ষানুস্থানো বন্ধ থকাৰ কথা উল্লেখ কৰি সদৰি কৰে জাননি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ