সলনি হৈ যাব পাৰে ভাৰতৰ ইণ্টাৰনেটৰ ছবি৷ ৰিলায়েন্স জিঅ’ৰ দৰে একচেটীয়া ৰাজত্ব কৰিব পাৰে এলন মাস্কৰ সংস্থা ষ্টাৰলিংকে৷ অৰ্থাৎ এইবাৰ যুঁজ ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি বনাম বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ মাজত৷ শুনা গৈছে ভাৰতত প্ৰৱেশ কৰিছে এলন মাস্কৰ ষ্টাৰলিংকে৷ দেশত ষ্টাৰলিংকে ইণ্টাৰনেট পৰিসেৱা আৰম্ভ কৰিলে বিপদ আহিব পাৰে জিঅ’, এয়াৰটেল, ভোডাফোন, বিএছএনএললৈ৷
বিশ্বৰ সকলোতকৈ সস্তা ইণ্টাৰনেট ব্ৰডবেণ্ড পৰিসেৱা ভাৰততেই পোৱা যায়৷ এই মাৰ্কেট এইবাৰ দখল কৰি লোৱাৰ পৰিকল্পনা এলন মাস্কৰ৷ নিজস্ব ছেটেলাইটৰ মাধ্যমেৰে ইণ্টাৰনেট পৰিসেৱা দিব ষ্টাৰলিংকে৷ বৰ্তমান এলন মাস্কৰ সংস্থাই ভাৰতত ব্ৰডবেণ্ড পৰিসেৱা লাইচেঞ্চৰ বাবে অপেক্ষা কৰিছে৷
এই প্ৰসংগত টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে, ষ্টাৰলিংকৰ লাইছেঞ্চ প্ৰক্ৰিয়াৰ আবেদন ইতিমধ্যেই পাইছে৷ তেওঁলোকৰ নেটৱৰ্ক ১০০ শতাংশ সুৰক্ষিত হয়নে নহয় সেই পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰে৷ বৰ্তমান মাস্কৰ সংস্থাই ছিকিউৰিটি ক্লিয়াৰেন্সৰ অপেক্ষা কৰি আছে৷
উল্লেখ কৰা প্ৰয়োজন যে, ষ্টাৰলিংকে বিগত কেইবা বছৰ ধৰি ভাৰতৰ বজাৰত প্ৰৱেশৰ চেষ্টা কৰি আছে৷ বিগত মাহত যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হয় যে ছেটেলাইট ব্ৰডবেণ্ডৰ বাবে নিলাম নহব৷ বৰং প্ৰশাসনৰ তৰফৰ পৰা এই স্প্ৰেকট্ৰাম দিয়া হ’ব৷ এই সুযোগৰেই যেন অপেক্ষা কৰিছিল এলন মাস্কে৷ অন্যহাতে ৰিলায়েন্সৰ মালিক মুকেশ আম্বানীয়ে বিচাৰিছিল স্প্ৰেকট্ৰামৰ নিলাম হওক৷
ভাৰতৰ ব্ৰডবেণ্ডৰ বজাৰত বৃহৎ অংশ ৰিলায়েন্স জিঅ’ৰ অধীনত৷ প্ৰায় ১.৪ কোটিৰো বেছি ছাবস্ক্ৰাইবাৰো আছে৷ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৫০০ মিলিয়ন বা ৫০কোটিৰো বেছি৷ প্ৰতিদ্বন্দ্বী হিচাপে আছে এয়াৰটেল, যাৰ মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৩০০ মিলিয়ন বা ৩০কোটিৰ ওচৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















