নিশাৰে পৰা উত্তাল সামাজিক মাধ্যম৷ ক্ষীপ্ৰগতিত ভাইৰেল এটা ভিডিঅ’৷ ভিডিঅ’টোত এগৰাকী আৰক্ষীয়ে এজন ফুড ডেলিভাৰী বয়ৰ ডিঙি চেপি ধৰিছে৷ অশ্লীল গালিগালাজ৷ ‘চিনি পোৱা নাই মাৰি পেলাম৷’ অৰ্থাৎ খাকী পোছাক পৰিধান কৰি মৃত্যুৰ ভাবুকি দিয়া হৈছে ফুড ডেলিভাৰী বয়ক৷ কিন্তু প্ৰকৃততে কি হৈছিল সেই স্থানত? কিয় অচি ভাৰ্গব বৰবৰাই ডিঙি চেপি ধৰিছিল যুৱকজনৰ?
পাণবজাৰ আৰক্ষী থানাৰ অচি ভাৰ্গৱ বৰবৰাৰ অত্যাচাৰৰ বলি হোৱা প্ৰাক্তন কটনীয়ান জ্ঞানদ্বীপ হাজৰিকাই ঘটনাক লৈ মুখ খুলিছে৷ শোণিতপুৰৰ যুৱক জ্ঞানদ্বীপ হাজৰিকাই কটনৰ পৰা স্নাতক লৈ ওলোৱাৰ পাছত এতিয়া মহানগৰীতেই এগৰাকী ফুড ডেলিভাৰী বয় হিচাপে কৰ্মৰত হৈ আছে৷ এই সাধাৰণ কামেৰেই পৰিয়ালটোক পোহপাল দি আছে জ্ঞানদ্বীপে৷
জ্ঞানদ্বীপে ঘটনা সন্দৰ্ভত কয়, ‘ফেন্সি বজাৰৰ শনি মন্দিৰৰ কাষত নাকা চেকিং বহুৱাইছিল৷ অন্য দিনা নৰ্মেলি আমাক যাবলৈ দিয়ে৷ মইয়ো যাব দিব বুলিয়েই ভাৱিছিলো৷ সেয়ে নৰ্মেলি পাৰ হৈ গৈছিলো৷ মই তেনেকৈ যোৱাটো মোৰ ভুল হৈছে৷ কিন্তু মোক এনেকৈ প্ৰহাৰ নকৰিলেও হ’লহেতেন৷ মই দুখ পাইছো৷ মই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম বুলি ভৱা নাই৷ মই আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি যাব নালাগিছিল৷ মই ৰৈ দিব লাগিছিল৷ মোৰ ভুল স্বীকাৰ কৰিছো৷ আৰক্ষীয়ে অন্যদিনা আমাৰ ডেলিভাৰি বয়বোৰক যাবই দিয়ে৷ মোৰ কটনৰ শিক্ষাজীৱন শেষ হৈছে৷ অৱশ্যে দুটামান পৰীক্ষা বাকি আছে৷ ডেৰমাহমানৰ পৰা ডেলিভাৰি বয়ৰ কামত নিয়োজিত হৈ আছো৷ মই পৰিস্থিতিত পৰিহে ডেলিভাৰি বয়ৰ কাম কৰিবলগা হৈছে৷’
ইয়াৰোপৰি জ্ঞানদ্বীপে আৰক্ষী বিষয়া সন্দৰ্ভত কয়, ‘আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে মোৰ কোনো ব্যক্তিগত আখেজ নাই৷ মোৰো ভুল হৈছে৷ তেওঁ অৱশ্যে মোক এনেকৈ মাৰিব নালাগিছিল৷ আমিও পুৱাৰে পৰা ব্যস্ত থাকো৷ আৰক্ষীসকলো ব্যস্ত থাকে৷ সকলোৱে কথাবোৰ বুজিব লাগে৷ মই কোনো ডাঙৰ অপৰাধো কৰা নাই৷ কেৱল ন এণ্ট্ৰীটোৱে পাৰ হৈছিলো৷ বিষয়াজনে তেওঁৰ কামৰ শাস্তি পাইছে৷ ইয়াতকৈ বেছি শাস্তি পাব লাগে বুলি মই নাভাৱো৷ মোৰ পক্ষত থিয় দিয়া কটনিয়ান, ডেলিভাৰি বয় তথা ৰাইজৰ যি সঁহাৰি সকলোৰে ওচৰত মই কৃতজ্ঞ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ