চীনক আকৌ বিপাকত পেলাইছে টাটা গ্ৰুপে৷ টাটাই আন এক বৃহৎ চুক্তি কৰিলে টাইৱানৰ সৈতে৷ টাইৱানৰ সংস্থা পেগাট্ৰানৰ একমাত্ৰ আইফোন প্লেণ্টৰ বেছিভাগ অংশ ক্ৰয় কৰিছে টাটা ইলেকট্ৰনিক্স৷ সংবাদসংস্থা ৰয়টাৰ্ছৰ সূত্ৰৰ পৰা এই খবৰ প্ৰকাশ পাইছে৷ এই যৌথ উদ্যোগত এপলৰ পণ্য সৰবৰাহকাৰী হিচাপে টাটাৰ অৱস্থান শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে৷
বিগত সপ্তাহত দুই দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছে৷ টাটাৰ হাতত থাকিব ইয়াৰে ৬০শতাংশ শ্বেয়াৰ৷ অন্যহাতে পেগাট্ৰনৰ হাতত থাকিব বাকী শ্বেয়াৰ৷ এই চুক্তিৰ আৰ্থিক লেনদেনৰ কথা অৱশ্যে এতিয়াও প্ৰকাশ কৰা নাই৷ টাটাৰ তৰফৰ পৰা অৱশ্যে এতিয়াও কোনো মন্তব্য কৰা হোৱা নাই৷
পেগাট্ৰনে বহুদিন পূৰ্বেই ভাৰতত তেওঁলোকৰ একমাত্ৰ আইফোন প্লেন্ট টাটাৰ ওচৰত বিক্ৰি কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল৷ বেইজিং আৰু ৱাছিংটনৰ মাজত ভূ ৰাজনৈতিক উত্তেজনাৰ মাজতেই এপলে চীনৰ বাহিৰত তেওঁলোকৰ ছাপ্লাই দিয়াৰ কথা বিবেচনা কৰি আছে৷ ইফালে টাটাই ক্ৰমশ আইফোন উৎপাদনৰ ক্ষেত্ৰত আগুৱাই গৈ আছে৷ দুই সংস্থাই আগন্তুক দিনত ভাৰতৰ চিচিআইৰ পৰা অনুমোদন লৈ আবেদন কৰাৰ পৰিকল্পনা কৰিছে৷ টাটাই ইতিমধ্যেই কৰ্ণাটকৰ এটা আইফোন প্লেণ্ট চলাইছে৷ তামিলনাডুৰ হুছুৰত আৰু এটা প্লাণ্ট নিৰ্মাণ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ