ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথত যাত্ৰীভৰ্তি বাছ বাগৰি ৮ নিহত, ৪০ আহত
লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা এখন তীব্ৰবেগী শ্লীপাৰ বাছ উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত হঠাৎ বাগৰি পৰে ৮ জন যাত্ৰী থিতাতে মৃত্যুক সাৱটি লয়, আনহাতে ৪০ জনতকৈ অধিক যাত্ৰী আহত হয়।
আহতসকলক চৰকাৰী চিকিৎসা মহাবিদ্যালয় চাইফাই, চৰকাৰী চিকিৎসা মহাবিদ্যালয় তিৰৱা আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ সৌৰিখত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকজন মৃতকৰ পৰিয়াললৈ পি এম এন আৰ এফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। ইয়াৰ উপৰিও আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্যৰ কথা ঘোষণা কৰে।
শুকুৰবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। লক্ষ্ণৌৰ পৰা দিল্লীলৈ যোৱা যাত্ৰীভৰ্তি শ্লীপাৰ বাছ এখন নিয়ন্ত্ৰণহীন হৈ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত বাগৰি পৰে। দুৰ্ঘটনাটোত বাছখনত যাত্ৰা কৰা ৮ জন যাত্ৰীৰ থিতাতে মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, যাত্ৰাৰ সময়ত চালকজনৰ টোপনি আহি যোৱা বাবে বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰত থকা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰি বাগৰি পৰে। লগে লগে যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগি যায়। ততাতৈয়াকৈ ঘটনাস্থলীৰ কাষতে উপস্থিত থকা লোকে বাছখনৰ গ্লাছ ভাঙি যাত্ৰীসকলক উলিয়াই আনে।
ঘটনাৰ খবৰ পোৱা মাত্ৰেই আৰক্ষীও সেই স্থানত উপস্থিত হয়। সকলো লোককে উদ্ধাৰ কৰা হয়। আহত আটাইকেইজনক এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















