১০ উইকেটত পৰাস্ত ভাৰত, সমীক্ষাত পৰাজয়ৰ ৩ মূখ্য কাৰণ পোহৰলৈ
বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্টত ১০ উইকেটত পৰাজয়ৰ সন্মুখীন টিম ইণ্ডিয়া। পাৰ্থত উজ্জ্বল প্ৰদৰ্শন কৰা টিম ইণ্ডিয়াই এডিলেইডত সম্পূৰ্ণৰূপে বিফল হয়। পিংক বলৰ সন্মুখত ভাৰতীয় বেটছমেনসকল একেবাৰে নিৰস তথা অসহায় হৈ পৰে। এই জয়েৰে অষ্ট্ৰেলিয়াই শৃংখলাখনত সমতা স্থাপন কৰি বৰ্তমানে ১-১ সমতা স্থাপন হৈছে।
এই শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ পাৰ্থত অনুষ্ঠিত হৈছিল, য’ত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰিছিল। পাৰ্থত ভাৰতীয় দলটোৰ বলাৰৰ লগতে বেটছমেনসকলেও জয়ৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। যশস্বী জয়ছৱাল আৰু বিৰাট কোহলীয়ে শতক অৰ্জন কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহে ৮টা উইকেট দখল কৰিছিল।
তাৰ বিপৰীতে এডিলেইডত সম্পূৰ্ণ বিফল হয় ভাৰতীয় দল। ১০ উইকেটত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত ভাৰত।
ভাৰতৰ পৰাজয়ৰ তিনিটা ডাঙৰ কাৰণ পোহৰলৈ আহিছে-
১- অধিনায়ক ৰোহিত শৰ্মা এই টেষ্টত ঘূৰি আহিছিল, কিন্তু ৰোহিতে মিডল অৰ্ডাৰত খেলাৰ সিদ্ধান্ত লয়। যাৰ ফলত সম্পূৰ্ণ ফ্লপ হয় ৰোহিত। প্ৰথম ইনিংছত ৬ ৰান আৰু দ্বিতীয় ইনিংছত মাথো ৩ ৰান সংগ্ৰহ কৰিব পাৰে। যদিহে ৰোহিতে অ’পেন কৰিবলৈ আহি মিচেল ষ্টাৰ্ক আৰু পেট কুমিন্সৰ দৰে বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক বেটিং কৰিলেহেঁতেন তেন্তে মেচখনৰ ফলাফল বেলেগ হ’ব পাৰিলেহেঁতেন।
২- ভাৰতীয় বেটছমেনে এই টেষ্টৰ দুয়োটা ইনিংছতে ৰান সংগ্ৰহৰ চেষ্টা কৰা নাছিল। যদি আমি অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বেটছমেনৰ তুলনা কৰোঁ তেন্তে পাৰ্থক্যটো সহজেই দেখা যাব। ট্ৰেভিছ হেডে দ্ৰুতগতিত শতক অৰ্জন কৰে। একে সময়তে ভাৰতীয় বেটছমেনসকলক অলপ অধিক ডিফেন্সিভ খেলা দেখা গৈছিল। নীতিশ কুমাৰ ৰেড্ডীয়ে ভয় ভাৱ এৰি মুক্তভাৱে খেলি দুয়োটা ইনিংছতে ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ দৰে আন কোনো ভাৰতীয় বেটছমেনে সাহস দেখুৱাব নোৱাৰিলে।
৩- বেটছমেনৰ দৰে ভাৰতীয় বলাৰসকলেও আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে। স্পষ্টকৈ দেখা গৈছিল যে বলাৰসকলে নিজৰ কৌশল অনুসৰি বলিং কৰিব নোৱাৰিলে। এফালে অষ্ট্ৰেলিয়াৰ বলাৰসকলে বেছিভাগেই ভাৰতীয় বেটছমেনক খুৱাবলৈ চেষ্টা কৰিছিল, আনহাতে আনফালে ভাৰতীয় বলাৰসকলে বেছিভাগেই বাহিৰৰ লাইনত বলিং কৰা দেখা গৈছিল। পাৰ্থত বলাৰসকলৰ পৰিকল্পনা একেবাৰে বেলেগ আছিল যদিও এডিলেইডত তেওঁলোকক অকাৰ্যকৰী যেন লাগিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ