প’ষ্ট অফিচ হৈছে মানুহৰ ভৰষাৰ স্থান৷ মানুহে ধন কৰোবাত ৰাখিলে হেৰুওৱাৰ ভয়ত বিনিয়োগ কৰিবলৈ ভয় কৰে৷ বজাৰত যি হাৰত ফ্ৰডৰ সংখ্যা বাঢ়িছে সেয়ে য’তে ত’তে বিনিয়োগ কৰিবলৈ ভয় কৰে জনতাই৷ সকলোতকৈ বেছি ভৰষাৰ স্থান পোষ্ট অফিচ বুলি সাধাৰণ লোকে বিশ্বাস কৰি আহিছে৷ বৰ্তমানলৈ সেই বিশ্বাস অটুত ৰাখিছে পোষ্ট অফিচে৷
পোষ্ট অফিচত আছে ৰেকাৰিং ডিপজিট স্কিম৷ তাতেই সুদৰ হাৰ আছে ৬.৭ শতাংশ৷ আপুনি যদি ৫বছৰ ধৰি টকা বিনিয়োগ কৰিব পাৰে তেন্তে কিমান ৰিটাৰ্ণ লাভ কৰিব সেয়াও জনাই দিছে পোষ্ট অফিচে৷ পোষ্ট অফিচত মাত্ৰ ১০০ টকাৰ পৰাই আপুনি বিনিয়োগ কৰিব পাৰে৷ বেছিকৈ কিমান টকা আপুনি বিনিয়োগ কৰিব সেয়া আপোনাৰ নিজা বিষয়৷
যদি এই ৰেকাৰিং স্কিমত মাহত ৭ হাজাৰ টকা বিনিয়োগ কৰে তেন্তে আপোনাৰ মুঠ জমা কৰা টকা হ’ব ৪লাখ ২০ হাজাৰ টকা৷ ইয়াৰ ওপৰত যদি ৬.৭ শতাংশ হাৰত সুদ পোৱা যায় তেন্তে সুদ হ’ব ৭৯ হাজাৰ ৫৬৮ টকা৷ মাহিলী ৭হাজাৰকৈ জমা কৰিলে ৫ বছৰত মুঠ পাব আপুনি ৪লাখ ৯৯ হাজাৰ ৫৬৮ টকা৷ অৰ্থাৎ প্ৰায় ৫লাখ টকা৷ ইয়াৰপাছতো যদি আৰু ৫ বছৰ ধৰি এই ধন জমা কৰি থাকে তেন্তে আপুনি লাভ কৰিব প্ৰায় ১২ লাখ টকা৷ এই স্কিমত আপুনি এজন, দুজন বা তিনিজনক যোগ কৰিবও পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ