অতিকে শোকাৱহ, ব্যক্তিগত হাস্পতালত শ্বৰ্ট চাৰ্কিট হৈ প্ৰাণ হেৰুৱালে ৭ লোকে
পুৱাই আহিছে এক অতিকে শোকাৱহ ঘটনা। এখন ব্যক্তিগত হাস্পতালত ভয়ংকৰ ভগ্নিকাণ্ড সংঘটিত হৈ প্ৰাণ হেৰুৱালে ৭ গৰাকীকৈ লোকে। তামিলনাডুৰ ডিণ্ডিগুলত বৃহস্পতিবাৰ ১২ ডিচেম্বৰৰ নিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।
ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ডত ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে। নিহতসকলৰ ভিতৰত আছে ১টা শিশু আৰু ৩গৰাকী মহিলা। আহত তিনিজনৰ অৱস্থা সংকটজনক। সকলোকে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীখনে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰকাশিত এক বাতৰি অনুসৰি চিকিৎসালয়খনৰ ভিতৰত আবদ্ধ হৈ থকা প্ৰায় ১০০ জন লোকক উদ্ধাৰ কৰিবলৈ কমেও তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়।
তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ উপৰিও ১০খন চৰকাৰী এম্বুলেন্স আৰু ৩০খন ব্যক্তিগত এম্বুলেন্স ব্যৱহাৰ কৰি মানুহক উলিয়াই আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তদন্তত প্ৰকাশিত প্ৰতিবেদন অনুসৰি প্ৰথমে ডিণ্ডিগুল জিলাৰ তিৰুচি পথত অৱস্থিত চাৰি মহলীয়া চিকিৎসালয়খনৰ তলৰ মহলাত অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পিছত ই ক্ৰমান্বয়ে সমগ্ৰ চিকিৎসালয়খনক আগুৰি ধৰে। প্ৰাথমিক তদন্তত ৰিচেপচন এৰিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ