বিশ্বনাথ আনন্দৰ পাছত গুকেশৰ ৰূপত ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন, গঢ়িলে ৰেকৰ্ড
বিশ্বনাথ আনন্দ, দবা খেলৰ বিশ্ব চেম্পিয়ন। ভাৰতৰ প্ৰথমগৰাকী বিশ্ব চেম্পিয়ন গ্ৰেণ্ডমাষ্টাৰ। সেই আনন্দৰ পাছত এইবাৰ ভাৰতে পালে দ্বিতীয়গৰাকী বিশ্ব চেম্পিয়ন। ভাৰতৰ যুৱ তাৰকা ডি গুকেশ হৈছে দবা জগতৰ নতুন চেম্পিয়ন। ছিংগাপুৰত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি গুকেশে খিতাপ দখল কৰে।
ইয়াৰ লগে লগে গুকেশ দবাৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ১২ ডিচেম্বৰ বৃহস্পতিবাৰে চেম্পিয়নশ্বিপৰ শেষ ৰাউণ্ডত দুয়োৰে মাজত কঠিন প্ৰতিযোগিতা চলিছিল, য’ত ডিফেণ্ডিং চেম্পিয়ন চীনৰ লিৰেনে এটা সৰু ভুল কৰে আৰু ভাৰতৰ গুকেশৰ হাতলৈ আহে খিতাপ।
মাত্ৰ ১৮ বছৰ বয়সতে ভাৰতৰ গুকেশে বিশ্ব চেম্পিয়ন হৈ এতিয়া অভিলেখো গঢ়িবলৈ সক্ষম হৈছে। বিশেষ কথাটো হ’ল ১৮ বছৰ বয়সত গুকেশে ১৮ সংখ্যক বিশ্ব দবা চেম্পিয়নো হয়।
যোৱা কেইবাদিনো ছিংগাপুৰত চলি থকা বিশ্ব চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেন আৰু ভাৰতৰ গুকেশৰ মাজত কঠোৰ প্ৰতিদ্বন্দিতা চলিছিল। যোৱা বছৰ লিৰেনে এই বিশ্ব চেম্পিয়নশ্বিপ খিতাপ লাভ কৰিছিল। এনে পৰিস্থিতিত ফেভাৰিত হিচাপে প্ৰতিযোগিতাখনচ প্ৰৱেশ কৰিছিল লিৰেন।
আনহাতে গুকেশে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হৈ প্ৰত্যাহ্বানকাৰী হিচাপে এই চেম্পিয়নশ্বিপত প্ৰৱেশ কৰিছিল। কিন্তু অৱশেষত গুকেশে বাজি মাৰি আনে। বিশ্বনাথন আনন্দৰ পিছত গুকেশ বিশ্ব চেম্পিয়নশ্বিপত প্ৰৱেশ কৰা দ্বিতীয়জন ভাৰতীয় আৰু বিশ্বৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
লিৰেনে পৰাজয় স্বীকাৰ কৰাৰ লগে লগে গুকেশে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰি নিজৰ আসনতে বহি কান্দিবলৈ ধৰে। বিজয়ৰ আনন্দ, সপোন পূৰণ হোৱাৰ অনুভৱ আৰু এটা সকাহ তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল। এই জয়েৰে গুকেশে কেৱল ভাৰতীয় দবা খেলতে নহয়, বিশ্ব দবাতো নিজৰ নাম অমৰ কৰি তুলিলে। এই জয়ৰ পুৰস্কাৰ হিচাপে এতিয়া গুকেশে লাভ কৰিব ১৮ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















