৭.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি, ভূমিস্খলনৰ লগতে ভাঙি পৰিল বহু অট্টালিকা-গছ-গছনি
৭.৩ ৰিখটাৰ স্কেলৰ এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় অষ্ট্ৰেলিয়াৰ এক আইলেণ্ড। যাৰ ফলত বিস্তৰ ক্ষতি দ্বীপটোত। মঙলবাৰে অষ্ট্ৰেলিয়াৰ পূব দিশৰ দ্বীপ ভানুআটুত এই ৭.৩ ৰিখটাৰ স্কেলৰ ভয়াৱহ ভূমিকম্প আহে। ই ৰাজধানী প’ৰ্ট ভিলাত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি মূল দ্বীপ এফেটৰ উপকূলৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত ৫৭ কিলোমিটাৰ গভীৰতাত স্থানীয় সময় অনুসৰি নিশা ১২:৪৭ বজাত এই কম্পন অনুভুত হয়।
ভূমিকম্পৰ একাধিক ভিডিঅ’ বৰ্তমানে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। বিভিন্ন ঠাইত ঘৰ – অট্টালিকা ভাঙি পৰাৰ লগতে বহু ঠাইত গছ উভালি পৰিছে। ভূমিস্খলনো সংঘটিত হৈছে এই ভূমিকম্পৰ ফলত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















