পাকিস্তানৰ বৰ্ডাৰ পাৰ হৈ ভাৰতীয় প্ৰেমিকৰ হাতত ধৰি ভাৰতলৈ অহা সীমা হায়দৰক মনত আছেনে? চাৰি সন্তানক লৈ নেপাল হৈ ভাৰতত প্ৰৱেশ কৰা সীমাই শচীন মীনা নামৰ এগৰাকী ভাৰতীয় যুৱকৰ সৈতে সংসাৰ কৰাৰ এটা বছৰ ইতিমধ্যেই পাৰ হৈছে৷ পূৰ্বে পাকিস্তানৰ স্বামীৰ ৪টাকৈ সন্তান থকা সীমাই এইবাৰ ভাৰতত জন্ম দিব সন্তান৷ অৰ্থাৎ আকৌ গৰ্ভৱতী সীমা৷ সীমা বৰ্তমান গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাৰ সন্তানৰ জন্ম দিব সীমাই৷ সীমা আৰু শচীনৰ প্রথম পৰিচয় হৈছিল PUBG গেমৰ মাধ্যমেৰে৷
গ্ৰেটাৰ নয়ডাত শচীন মীনাৰ সৈতে সীমাই সংসাৰ গঢ়িছে৷ লগত আছে পূৰ্বৰ ৪সন্তানো৷ ইতিমধ্যেই সীমাই এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ সেই ভিডিঅ’ত সীমাই দিছে সন্তান সম্ভৱা হোৱাৰ খবৰ৷ ভাইৰেল ভিডিঅ’ত ইতিমধ্যেই তেওঁৰ বেবী বাম্প স্পষ্ট হৈছে৷ ভিডিঅ’টোৰ আৰম্ভণিতে তেওঁ বমি ভাৱ, মূৰ ঘূৰোৱা আদি কথাও কোৱা দেখা গৈছে৷ ইয়াৰপাছতেই তেওঁ প্ৰেগনেন্সি কীটত টেষ্ট কৰি লগে লগেই পজিটিভ ফলাফল অহাও ভিডিঅ’টোতেই দেখুৱাইছে৷
লগতে ভিডিঅ’টোত দেখা গৈছে যে সীমাই শচীনকো মাতি আনি এই কীট দেখুৱাইছে৷ শচীনেও এই খবৰত সুখী হোৱা পৰিলক্ষিত হৈছে ভিডিঅ’টোত৷ সীমাই এই বিশেষ ভিডিঅ’টোতেই জনাইছে যে তেওঁ এতিয়া সাতমাহৰ গৰ্ভৱতী৷ আৰু আহিবলগীয়া সন্তানৰ বাবে তেঁওলোকে আশাৰে বাট চাই আছে৷
উল্লেখ্য যে মুছলমান ধৰ্মাৱলম্বী সীমাই শচীনৰ সৈতে নেপালৰ পশুপতিনাথ মন্দিৰত বিয়া কৰাইছে৷ তাতেই তেওঁ হিন্দু ধৰ্মলৈকো ধৰ্ম পৰিবৰ্তন কৰিছে৷ ভাৰতলৈ অহাৰ সময়ত তেওঁ লগত লৈ আহিছে তেওঁৰ ৮বছৰ বয়সীয়া সন্তান ফাৰহান আলি, কন্যা ফাৰভা, ফাৰিহা বতুল আৰু ফাৰহাক৷ ইতিমধ্যেই তেওঁলোকৰ নাম সলনি কৰি লৰাৰ নাম ৰাজ, কন্যাৰ নাম ক্ৰমে মুন্নি, পাৰি আদি নামেৰে নামকৰণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ