• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

1 year ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

4 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

4 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?

editor by editor
January 25, 2025
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মুখ্যমন্ত্ৰীৰ দক্ষিণ কোৰিয়া, জাপান যাত্ৰা, বিদেশৰ পৰা আনিলে কি কি নতুন লাভজনক বাৰ্তা?
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ অৰ্থনীতি আৰু উন্নয়নৰ যাত্ৰাক নতুন গতিৰে আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰি অসমলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই বিদেশ যাত্ৰা এক ঐতিহাসিক বিদেশ যাত্ৰা ৰূপে চিহ্নিত হৈছে। মুখ্যমন্ত্ৰীৰ এই বিদেশ ভ্রমণ ভাৰতীয় কূটনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতিফলন বুলি ধাৰণা কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ এই ভ্রমণে অসমক সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। জাপান আৰু দক্ষিণ কোৰিয়াত বিগত ৫ দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মুঠ ৫ গৰাকী মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ২০০ টা কোম্পানীৰ উচ্চপদস্থ বিষয়াক ব্যক্তিগতভাৱে সাক্ষাৎ কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩ টা ৰোড শ্ব’ সম্বোধন, ৩টা ঔদ্যোগিক প্ৰকল্প পৰিদৰ্শন কৰাৰ লগতে মুঠ ৪১খন বৈঠকত অধ্যক্ষতা কৰে।

মুখ্যমন্ত্ৰীৰ বিদেশ যাত্ৰাই অসমৰ উদ্যোগ, অৰ্থনীতি আৰু উন্নয়নক এক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন। গুৱাহাটীত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত ১৪০ ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰিব৷ এডভাণ্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা উদ্যোগীৰ অংশগ্ৰহণ বিচাৰি মালয়েছিয়া, থাইলেণ্ড, ডুবাই আদিকে ধৰি বিভিন্ন দেশত এডভাণ্টেজ আছাম ৰোড শ্ব’ বুলি অভিহিত কৰা এই প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰা হৈছে।

এই এডভাণ্টেজ আছাম ২.০ ৰ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত অসমৰ সম্ভৱনাসমূহ উপস্থাপন কৰিবলৈ আৰু ঔদ্যোগিক নেতা-সংস্থাসমূহৰ সৈতে ফলপ্রসূ আলোচনা কৰিবলৈ ১৯ জানুৱাৰীত নতুন দিল্লীৰ পৰা দক্ষিণ কোৰিয়াত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা। দক্ষিণ কোৰিয়াত প্ৰথম দিনা এডভাণ্টেজ আছাম ২.০ৰ ৰোড শ্ব’ৰ বাবে কৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই বানপো হানগাং নদী উদ্যান পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ২০ জানুৱাৰীত মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে।

দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শৰ্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্ৰণ জনায়৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ ৰো অধিক উদ্যোগপতি-নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়।

‘এডভাণ্টেজ আছাম-২.০ত উদ্যোগপতিসকলে অংশ ল’বলৈ যি উৎসাহ দেখুৱাইছে সেয়া আমাৰ বাবে প্ৰত্যয়জনক তথা আশাপ্ৰদ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অসমৰ দ্বাৰা তেওঁলোকক এই বজাৰত অধিক প্ৰৱেশাধিকাৰ প্ৰদানৰ বাবে আগবঢ়োৱা অনন্য সুযোগত কোৰিয়াৰ উদ্যোগপতিসকলে জনোৱা সঁহাৰিও আছিল লেখত ল’বলগীয়া৷ তেওঁ কয় যে আমি কোৰিয়াৰ কোম্পানীসমূহক অসমত বিনিয়োগ কৰিবলৈ উষ্ম আদৰণি জনাইছোঁ।

অসমক লাভজনক ব্যৱসায়িক গন্তব্যস্থান হিচাপে পৰিগণিত কৰিবলৈ এডভাণ্টেজ আছাম-২.০ ৰ বাবে ছিউলত অনুষ্ঠিত হোৱা এক বিনিয়োগ ৰোডশ্ব’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিয়ে৷ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সুবিধাসমূহৰ দিশত আলোকপাত কৰে। বহুকেইগৰাকী কোৰিয়াৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰা ৰোড শ্ব’ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সন্মিলনৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায় আৰু অসমত উদ্যোগৰ বিকাশৰ দিশত এক চালিকা শক্তি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত ভাৰত চৰকাৰৰ বিশেষ গুৰুত্বৰ কথা উল্লেখ কৰে।

উদ্যোগপতিসকলে অসমৰ এই পদক্ষেপক লৈ উৎসাহিত আৰু তেওঁলোকে সন্মিলনত অংশগ্ৰহণক লৈ উৎসাহ প্ৰদান কৰে। এই সন্দৰ্ভত তেওঁ কয় যে অসম অৱস্থিতি, কৌশলগত আৰু নীতিগত এই তিনিটা ‘এডভাণ্টেজ’ অর্থাৎ সুবিধাৰে সমৃদ্ধ। সৰ্বোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ নেতৃত্বত ভাৰত চৰকাৰৰ বিশেষভাৱে অগ্ৰাধিকাৰযুক্ত ক্ষেত্রৰ ভিতৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল অন্যতম। ইউনেস্ক’ৰ ৩টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সৈতে অসম হৈছে এনে এক স্থান য’ত বাণিজ্য আৰু প্রকৃতিৰ আনন্দ একত্রে লাভ কৰিব পৰা যায়।

মুখ্যমন্ত্রীয়ে অধ্যক্ষ কাং কিউংচুঙৰ নেতৃত্বত কোৰিয়া বাণিজ্য-বিনিয়োগ প্ৰচাৰ সংস্থাৰ (কোট্টা)ৰ এটা প্রতিনিধি দলৰ সৈতে অসম আৰু কোৰিয়াৰ মাজত বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত অংশীদাৰী বিকাশৰ দিশত আলোচনা অনুষ্ঠিত কৰে। বৈঠকত অসম আৰু কোৰিয়াৰ ব্যৱসায়কেন্দ্ৰিক পাৰস্পৰিক লাভালাভক প্ৰাধান্য দি ব্যৱসায়, বাণিজ্য, উদ্যোগ আৰু দক্ষতাৰ ক্ষেত্ৰত বিকাশ আৰু উন্নয়নৰ হেতু অংশীদাৰিত্বৰ পথ অন্বেষণ কৰাৰ বাবে যৌথ ৰণকৌশলৰ বিষয়ে আলোচনা কৰা হয়। কোৰিয়া ট্ৰেড-ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সীৰ (কোট্রা) প্ৰতিনিধি দলৰ সৈতে হোৱা বাৰ্তালাপত অসমৰ সমৃদ্ধ পৰ্যটন সম্ভাৱনা আৰু জাগীৰোডত নির্মীয়মাণ বিশ্বৰ সৰ্ববৃহৎ অ’ এছ এ টি গোটৰ পৰিপূৰক হিচাপে অসমত এক সম্পূৰ্ণ ছেমিকণ্ডাক্টৰৰ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ দিশত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰে। এই আলোচনাত কোৰিয়াৰ বিনিয়োগক অসমলৈ আকৰ্ষণ কৰা আৰু এডভাণ্টেজ আছাম-২ত তেওঁলোকক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়।

সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৰিয়া অটোমোবাইল পার্টছ ইণ্ডাষ্ট্রী প্রমোচন ফাউণ্ডেচনৰ এটা প্রতিনিধি দলৰ সৈতে বার্তালাপত মুখ্যমন্ত্রীয়ে অসম এক অটোমোবাইল নির্মাণ পৰিস্থিতিতন্ত্ৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক দৃশ্যপট সলনি কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ দক্ষিণ কোৰিয়াৰ অটোমোবাইল প্রতিষ্ঠানসমূহৰ মুখ্য কার্যবাহী বিষয়া তথা আন বিষয়াবৰ্গৰ সৈতে হোৱা বৈঠকত তেওঁলোকৰ সমর্থন বিচাৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ৰাজ্য চৰকাৰৰ সহযোগিতাত তেওঁলোকক অসমক এক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে অসমত বিনিয়োগে ১০০ বিলিয়ন ডলাৰৰ ভাৰতীয় অটোমোবাইল উদ্যোগটোৰ লগতে দক্ষিণ-পূব এছিয়াৰ বজাৰ সংযোগো লাভ কৰিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ দ্বিতীয় দিনা তথা ২১ জানুৱাৰীত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। দক্ষিণ কোৰিয়াত বিভিন্ন ঔদ্যোগিক নেতা আৰু সংস্থাসমূহৰ সৈতে মুখ্যমন্ত্রী ড০ শৰ্মাই আলোচনাত মিলিত হৈ তেওঁলোকক এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনোৱাৰ লগতে অসমৰ সম্ভাৱনাসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে অসমত বিনিয়োগৰ বাবে উদ্যোগীসকলক আমন্ত্ৰণ জনায়৷

আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ দ্বাৰা আয়োজিত কোৰিয়াৰ ১০০ ৰো অধিক উদ্যোগপতি-নেতাৰ সৈতে বৈঠকত তেওঁলোকক অসমত বিনিয়োগৰ পথ অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া মেগা সন্মিলনত অংশগ্রহণ কৰিবলৈ কোৰিয়াৰ এটা প্রতিনিধি দলক আমন্ত্রণ জনায়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিনটোত দক্ষিণ কোৰিয়াৰ উদ্যোগপতি-বিষয়াসকলৰ সৈতে কেইবাখনো বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এডভাণ্টেজ অসম ২.০ হ’ব অসমৰ সৈতে বহিঃৰাষ্ট্ৰৰ সু-সম্পৰ্কৰ এক মুখ্য স্তম্ভ। দক্ষিণ কোৰিয়া ভ্ৰমণৰ অন্তিম দিনটোত মুখ্যমন্ত্রীয়ে ছিউলত বিশ্বৰ অন্যতম বৃহৎ অর্ধপৰিবাহী গোট এছ কে হাইনিক্সৰ উপাধ্যক্ষ ড০ জুন চয়ৰ সৈতে এক ফলপ্রসূ বৈঠকত মিলিত হয়। অসমক বিশ্বৰ অন্যতম অর্ধপৰিবাহী হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগী সন্দর্ভত মুখ্যমন্ত্রীয়ে তেওঁক অৱগত কৰে।

এই আলোচনাই অসমক সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়াৰ ষ্টার্টআপ পৰিৱেশ তন্ত্ৰ বুজিবলৈ আৰু বিভিন্ন অংশীদাৰৰ সৈতে জড়িত হ’বলৈ ছিউলৰ পাংগিঅ’ টেকন’ ভেলীৰ ষ্টার্টআপ কেম্পাছ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে কোৰিয়া গণৰাজ্য চৰকাৰৰ এছ এম ই আৰু ষ্টার্টআপৰ মন্ত্ৰী অ’হ য়ংজুৰ সৈতে সাক্ষাতত মিলিত হৈ অসম আৰু দক্ষিণ কোৰিয়াত অৱস্থিত উদ্যোগী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা ৰক্ষাৰ সৈতে সম্পর্কিত বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে দক্ষিণ কোৰিয়াৰ নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তিৰ অন্যতম বৃহৎ প্রতিষ্ঠান জি এছ গ্ৰুপৰ উপাধ্যক্ষ য়ং হা ৰুৰ সৈতে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সূচী হিচাপে সাক্ষাততো মিলিত হয়। সাক্ষাতত ২০৩০ চনৰ ভিতৰত ৩০০০ মেগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ অসমৰ লক্ষ্যৰ বিষয়ে বাৰ্তালাপত মিলিত হয়।

মুখ্যমন্ত্রীয়ে ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতেও আলোচনাত মিলিত হয়। ছেমিকণ্ডাক্টৰ আৰু এল ই ডি প্ৰযুক্তিৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰি থকা উদ্ভাৱনী সংস্থা ছিউল ভাইঅ’ছিছৰ মুখ্য কাৰ্যবাহী বিষয়া লি য়ং জুৰ সৈতে সাক্ষাৎ এক আনন্দদায়ক অভিজ্ঞতা আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

সাক্ষাতৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ছিষ্টেমত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। এক নতুন ছেটেলাইট চিটী নিৰ্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সৰ্বোচ্চ স্তৰৰ সহায়-সমৰ্থনলৈকে সকলো প্ৰধান ছেমিকণ্ডাক্টৰ উদ্যোগৰ অংশীদাৰসকলক আদৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্রীয়ে ছিউলত কোৰিয়াৰ নিজা ছিলিকন ভেলী পাংগ্য’ টেকন’ ভেলীৰ ষ্টার্টআপ চৌহদ পৰিদৰ্শন কৰি আই টি, বায়োটেক আদিৰ বিভিন্ন ক্ষেত্ৰৰ পৰা কোৰিয়ান ষ্টার্টআপৰ উদ্ভাৱনসমূহ অন্বেষণ কৰে। উল্লেখ্য যে, টেকন’ ভেলী হৈছে এক উদ্ভাৱনীমূলক কোৰিয়ান ধাৰণা, যিয়ে বিভিন্ন প্ৰযুক্তিগত পটভূমিৰ ষ্টাৰ্টআপ আৰু উদ্যমীসকলক আই টি, বায়’টেক আৰু সংস্কৃতিক একেডাল সূতাৰে গঁথাৰ দৰে ৰাখে৷

টেকন’ ভেলীৰ বৈচিত্ৰ্যময় পৰিৱেশ তন্ত্ৰই সমগ্ৰ আই টি, জৈৱ প্ৰযুক্তি আৰু সাংস্কৃতিক উদ্যোগসমূহত উদ্ভাৱনক লাভান্বিত কৰে। ড০ শৰ্মাই টেকন’ ভেলীৰ অত্যাধুনিক পৰিৱেশৰ দ্বাৰা যথেষ্ট আকৰ্ষিত হয়। অসম আৰু টেকন’ ভেলীৰ উদ্যমী আৰু ষ্টার্টআপৰ মাজত সহযোগিতা গঢ়ি তোলাৰ অভিপ্রায় ব্যক্ত কৰিছিল আৰু শীঘ্ৰেই এই সন্দর্ভত এক চুক্তিও প্ৰস্তুত কৰাৰ কথা ব্যক্ত কৰে। ভ্ৰমণকালত মুখ্যমন্ত্রীয়ে তাত উপস্থিত থকা ভাৰতীয় উদ্যোগীসকলৰ সৈতেও সাক্ষাৎ কৰি বাৰ্তালাপত মিলিত হয়।
সাক্ষাতৰ জৰিয়তে সকলোকে এডভাণ্টেজ আছাম ২.০-ত অংশগ্ৰহণ কৰিবলৈ আৰু অসমত আৰম্ভ হ’বলগীয়া ছেমিকণ্ডাক্টৰ ইক’ ছিষ্টেমত যোগদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আমন্ত্রণ জনায়।

উল্লেখ্য যে দক্ষিণ কোৰিয়া ভ্ৰমণ সামৰি ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকী জাপানলৈ ৰাওনা হয়। জাপানত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৰাষ্ট্ৰখনৰ সৈতে অসমৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে উদ্যোগীকীকৰণ আৰু অর্থনৈতিক বিকাশৰ দিশ মুকলি কৰাৰ অৰ্থে টকিঅ’ত জাপানৰ ভূমি, আন্তঃগাঁথনি, পৰিবহণ আৰু পর্যটন বিভাগৰ ৰাজ্যিক মন্ত্রী ফুককাৰা সামুহিক সাক্ষাৎ কৰে আৰু অসমত পর্যটনৰ সম্ভাৱনা আৰু প্রচাৰ সম্বন্ধে আলোচনা কৰে। মুখ্যমন্ত্রীয়ে কয় যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে অন্তর্ভুক্ত চৰাইদেউ মৈদাম, সুবিশাল তথা সেউজ চাহ বাগিচা তথা অতুলনীয় জীব-বৈচিত্র্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গল্ফ খেলপথাৰলৈকে বিভিন্ন উপাদানেৰে অসমৰ পর্যটনৰ ক্ষেত্রখন সমৃদ্ধ। এই পর্যটনস্থলীসমূহত উপলব্ধ সা-সুবিধাই জাপানৰ পর্যটকসকলক আকর্ষণ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে। আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই জাপানৰ ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্রী কোমুৰা মাধ্যহিবোকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মূল্যবোধ, নীতি-নিয়ম তথা বিশেষকৈ গৌতম বুদ্ধৰ আদশই ভাৰত আৰু জাপানৰ মাজত কেনেকৈ আধ্যাত্মিক সেতু গঢ়ি তুলিছে সেই বিষয়কে ধৰি বিভিন্ন কথা আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাপানী কোম্পানীসমূহৰ বাবে এখন উদ্যোগিক ক্ষেত্র স্থাপনৰ বাবে অসম চৰকাৰ আগ্রহী আৰু এই দিশত বাজ্য চৰকাৰে অগ্রাধিকাৰ ভিত্তিত কাম-কাজ আগবঢ়াই নিব।

অসমৰ প্রতিভাবান যুৱক-যুৱতীসকলে জাপানত দক্ষ শ্রমিকৰ চাহিদা পূৰ কৰাত কেনেদৰে সহায় কৰিব পাবে সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে পৰাক্ৰম দিৱস উপলক্ষে টকিঅ’ত থকা ভাৰতীয় দূতাবাসত নেতাজী সুভাষ চন্দ্র বসুৰ প্রতিকৃতিত পুষ্পাঞ্জলি অর্পণেৰে গভীৰ শ্রদ্ধা জ্ঞাপন কৰি দেশৰ চিৰস্মৰণীয় ব্যক্তিসত্তাগৰাকীৰ দেশ সেৱাৰ সাহস আৰু অতুলনীয় সংকল্পৰ লগতে ব্রিটিছ শাসনৰ বিৰুদ্ধে সংগ্রামৰ উদ্দেশ্যে নেতাজীয়ে জাপানতে আজাদ হিন্দ ফৌজৰ বীজ ৰোপণৰ কথা স্মৰণ কৰে।

মুখ্যমন্ত্রীয়ে ইয়াৰ পিছত জাপানৰ ঐতিহাসিক হিৰোছিমা শান্তি স্মাৰক দৰ্শন কৰি হিৰোছিমাত বোমা বিস্ফোৰণৰ ঘটনাত নিহতসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰি পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ লগতে এই শান্তি স্মাৰকৰ সমীপতে স্থাপিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আবক্ষ মূর্তিতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে এই শান্তি স্মাৰকৰ সমীপতে ২০২৩ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শান্তি আৰু অহিংসাৰ এক শক্তিশালী বার্তাৰ স্বাক্ষৰ বহন কৰা মহাত্মা গান্ধীৰ আবক্ষ মূর্তিটো উন্মোচন কৰিছিল। এই ভ্রমণকালতে মুখ্যমন্ত্রীয়ে ছেমি কণ্ডাক্টৰ খণ্ডৰ এটা অগ্রণী প্রতিষ্ঠান মাইক্র’ন মেম’ৰি ফেব প্রকল্পও পৰিদর্শন কৰে। ছেমি কণ্ডাক্টৰ খণ্ডত প্রতিষ্ঠানটোৰ থকা বিশেষ দক্ষতাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রীয়ে অসমৰ সৈতে প্রতিষ্ঠানটোৰ সহযোগিতা সবল কৰি পাৰস্পৰিক বিকাশৰ হেতু আগবঢ়াৰ দিশত গুৰুত্ব আৰোপ কৰে। মাইক্ৰ’ন মেম’ৰি ফেচিলিটি ভ্রমণৰ সময়ত মুখ্যমন্ত্রীয়ে কোম্পানীটোৰ উপাধ্যক্ষ জোছুয়া লীৰ সৈতে মত-বিনিময় কৰি প্রতিষ্ঠানটোক অসমৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিকাশৰ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আমন্ত্রণ জনায়। ড০ শর্মাই কয় যে জাগীৰোডৰ ইলেক্ট্রনিক টাউনশ্বিপক বিশ্বব্যাপী ছেমি কণ্ডাক্টৰ হাব হিচাপে গঢ়ি সুবিধাসম্পন্ন কৰি তোলা হ’ব আৰু মাইক্রমৰ দৰে ফেব্রিকেচন ফেচিলিটিৰ অগ্রণী প্রতিষ্ঠানে অসমৰ ছেমি কণ্ডাক্টৰ মূল্য শৃংখলক অতিশয় শক্তিশালী কৰিব পাৰে।

মুখ্যমন্ত্রী ড০ শৰ্মাই ওছাকাত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০’ৰ ৰোডশ্ব’ত ৮০ গৰাকীতকৈও অধিক উদ্যোগীৰ সৈতে বার্তালাপ কৰি অসমৰ অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু বিনিয়োগকাৰীৰ বাবে ৰাজ্যখনে গ্রহণ কৰা সুচল নীতিৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ২০২৩ চনৰ ভিতৰত অসমৰ জি এছ ডি পিক ১৪৩ আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰে লক্ষ্য লৈছে। অসম ভাৰতৰ পৰৱৰ্তী অর্থনৈতিক কেন্দ্র হিচাপে সাজু কৰি তোলাৰ দিশত ৰাজ্য চৰকাৰে আগবঢ়োৱা- প্রত্যয়দীপ্ত পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰি কয় যে বিশ্বৰ ভিন্ন প্রতিষ্ঠানসমূহৰ বাবে অসমৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ আন্তঃগাঁথনি বিনিয়োগৰ পৰিকল্পনা এক বৃহৎ সুযোগ হিচাপে পৰিগণিত হ’ব। প্রসংগক্রমে মুখ্যমন্ত্রীয়ে ২০২৪ চনত বাজ্যখনে ৪ বিলিয়ন আমেৰিকান ডলাৰৰ ব্যক্তিগত বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি এই পৰিসংখ্যা এতিয়ালৈকে সর্বাধিক বুলিও মন্তব্য কৰে। তেওঁ লগতে অসমৰ জনসাধাৰণৰ হৈ ওছাকাৰ উদ্যোগীসকলক ‘এডভাণ্টেজ আছাম ২.০’ত ভাগ ল’বলৈ আমন্ত্রণ জনাই অসমৰ বিকাশৰ যাত্ৰাত অংশীদাৰ হ’বলৈ কয়। মুখ্যমন্ত্রীয়ে লগতে কামেদা ছেইকা প্রতিষ্ঠানৰ মুখ্য কার্যবাহী বিষয়া লেখ ৰাজ জুনেজাৰ সৈতেও এক অতি ফলপ্রসূ আলোচনাত মিলিত হৈ অসমৰ সমৃদ্ধিশালী খাদ্য সংসাধন খণ্ডত বিনিয়োগৰ বাবে আমন্ত্রণ জনায়। তেওঁ কয় যে অসমত ইতিমধ্যে উদ্যোগৰ বাবে এক সুন্দৰ পৰিৱেশতন্ত্ৰৰ সূচনা হৈছে আৰু ৰাজ্যখনত ফুডপার্ক স্থাপন হোৱাৰ উপৰি ইতিমধ্যে কেইবাটাও বৃহৎ প্রতিষ্ঠানে ব্যবসায়িক কাম-কাজ পূর্ণোদ্যমে অব্যাহত ৰাখিছে। মুখ্যমন্ত্রীয়ে এই সাক্ষাৎকালতে লেখ ৰাজ জুনেজাই শেহতীয়াকৈ প্রবাসী ভাৰতীয় সন্মান বঁটা-২০২৫ লাভ কৰাৰ বাবে অভিনন্দন জনায়।

এনেদৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ পৰা শুকুৰবাৰলৈ জাপানত অসমৰ উন্নয়নী স্বার্থ সম্পর্কিত বিভিন্ন সাক্ষাতত মিলিত হয়। এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে জাপানৰ মন্ত্রী, বহুজাতিক কোম্পানীৰ স্বত্ত্বাধিকাৰী, বিষয়া তথা সংবাদ মাধ্যমক সম্বোধন কৰে। যথার্থতে মুখ্যমন্ত্ৰীৰ এই ভ্রমণে অসমক এক বিশেষ মান্যতা প্রদান কৰিব বুলি বিভিন্ন সূত্রত চর্চিত হৈছে। জাপান ভ্রমণসূচীত শুকুৰবাৰে পুৱা টকিঅ’ ইলেক্ট্রনৰ কাৰ্যবাহী উপাধ্যক্ষ তাকেছি অকুব’ৰ সৈতে মুখ্যমন্ত্রীয়ে সাক্ষাতত মিলিত হৈ তেওঁলোকক অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে জাগীৰোডৰ আগন্তুক ইলেক্ট্রনিক চিটীত ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ এক কেন্দ্রবিন্দু হিচাপে গঢ়ি তুলিবলৈ চৰকাৰৰ যি প্রচেষ্টা সেয়া এই সাক্ষাতে বহুখিনি গতি প্রদান কৰিব বুলি উল্লেখ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীয়ে য়ক’গাৱাৰ উপাধ্যক্ষ য়োছিয়াকি আছাকুৰাৰ সৈতে সাক্ষাতত মিলিত হয়। মুখ্যমন্ত্রীয়ে কয় যে আগশাৰীৰ জাপানী বৈদ্যুতিক অভিযান্ত্রিক প্রতিষ্ঠানটিয়ে নুমলীগড় শোধনাগাৰ লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ সৈতে সহযোগিতামূলকভাৱে অসমত কাম কৰি আছে। অসমত তেওঁলোকৰ বৰ্তমানৰ ভিত্তি সম্প্ৰসাৰিত কৰা আৰু অন্যান্য সুযোগ অন্বেষণ কৰাৰ বিষয়ে আলোচনা কৰা হয়। অসমৰ ক্রমবর্ধমান বৈদ্যুতিক আৰু শক্তি খণ্ডক সমর্থন কৰিবলৈও তেওঁলোকক অনুৰোধ জনোৱা হয়।

মুখ্যমন্ত্রীয়ে জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপ-মন্ত্রী আকিকো ইকুইনাকো সাক্ষাত কৰে। মুখ্যমন্ত্রীক ‘আপোনাক আদৰণি জনাইছোঁ’ বুলি অসমীয়া ভাষাত স্বাগতম জনোৱাটো আছিল উল্লেখনীয় দিশ। বৈঠকত জাপান চৰকাৰৰ ভাৰত আৰু বিশেষকৈ অসমৰ যুৱ আৰু দক্ষ কর্মশক্তিক জাপানত সুযোগ প্রদান কৰাৰ বিষয়ে বিতংভাৱে অৱগত কৰে। মিঝুহো ছিকিউৰিটিজ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তাকাও হোছোয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ সাক্ষাত আছিল গুৰুত্বপূৰ্ণ দিশ। মুখ্যমন্ত্ৰীয়ে অসমৰ কোম্পানীলৈ ক্রেডিট-লিংকেজ সম্প্ৰসাৰিত কৰা আৰু জাপানী কোম্পানীৰ অসমত বিনিয়োগৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। লগতে তেওঁলোকক ৰাজ্যৰ বাবে পৰিকল্পনা চূড়ান্ত কৰিবলৈ এডভাণ্টেজ আছাম ২.০ত অসমৰ সৈতে যোগদান কৰিবলৈ আমন্ত্রণ জনায়। টকিঅ’ত টয়’টা মটৰ কৰ্পৰেচনৰ টেকতোছী হামানো আৰু তেওঁৰ দলৰ সৈতে বৈঠকত মিলিত হৈ টয়’টাই অসম অভিযান্ত্রিক প্রতিষ্ঠান আৰু নলবাৰীৰ চৰকাৰী আই টি আইত আগবঢ়াই থকা বিদ্যমান দক্ষতা কার্যসূচীবোৰ আন প্রতিষ্ঠানসমূহলৈ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়। জাপানৰ বিনিয়োগ অসমলৈ আকর্ষণ কৰাৰ প্ৰয়াসত অধিক গতি প্ৰদানৰ বাবে জাপান ইণ্টাৰনেচনেল ক’পাৰেচন এজেন্সী (চমুকৈ জাইকা)ৰ জ্যেষ্ঠ উপাধ্যক্ষ হাৰা ছোহেইৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হয়। পৰৱৰ্তী সময়ত জাপানৰ একাধিক বিশ্ববিদ্যালয়ৰ বিষয়াৰ সৈতে বার্তালাপত মিলিত হোৱা মুখ্যমন্ত্রীয়ে জাপানৰ অগ্রণী সংবাদ প্রতিষ্ঠানৰ সৈতে সাক্ষাৎকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। পাছত জাপানৰ ভাৰতীয় ৰাষ্ট্ৰদূতে আয়োজন কৰা নৈশ আহাৰত ইয়ামানাছি প্রিফেকচাৰৰ গৱৰ্নৰ মিষ্টাৰ কোটাৰো নাগাছাকিৰ সৈতে ভাগ লয়। উল্লেখ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শুকুৰবাৰে জাপান ভ্ৰমণৰ সামৰণি পৰে।

মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ সৈতে সম্পর্ক বৃদ্ধিৰ দিশটোত গুৰুত্ব প্রদান কৰাটোৱে অসমক যথেষ্ট উপকৃত কৰিছে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমৰ এটা প্রতিনিধি দলে জাপানৰ চৰকাৰ আৰু ব্যৱসায়িক নেতাৰ এনে এক অভূতপূর্ব প্রৱেশ নিশ্চিত কৰিছে। মুখ্যমন্ত্রীয়ে জাপান চৰকাৰৰ ১৬০ জনতকৈ অধিক ব্যৱসায়িক নেতা আৰু ৫গৰাকীৰো অধিক মন্ত্রীক সাক্ষাৎ কৰে। উক্ত আলোচনাত অসমৰ বিষয়ে গুৰুত্বপূর্ণ বিষয়ে স্থান লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

ফেব্ৰুৱাৰীতেই ৰাজযোগ, কঁপাল খুলিব ৪ৰাশিৰ জীৱনত

‘ব্ৰেইন ডেড’ অন্তঃসত্ত্বাই জন্ম দিলে পুত্ৰসন্তানৰ! স্ত্ৰীৰ লিভাৰ, কিডনি আৰু কৰ্নিয়া দানৰ সিদ্ধান্ত স্বামীৰ

‘ব্ৰেইন ডেড’ অন্তঃসত্ত্বাই জন্ম দিলে পুত্ৰসন্তানৰ! স্ত্ৰীৰ লিভাৰ, কিডনি আৰু কৰ্নিয়া দানৰ সিদ্ধান্ত স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.