জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি গ্ৰহৰ স্থান সলনিৰ বাবে ফেব্ৰুৱাৰী মাহটো অত্যন্ত বিশেষ৷ এই মাহত সূৰ্য আৰু মঙলসহ চাৰিটা গ্ৰহই নিজৰ গতিবিধিৰ পৰিবৰ্তন কৰিব৷ গ্ৰহৰ ৰাজকুমাৰ বুধে এই মাহত দুবাৰ ৰাশি পৰিবৰ্তন কৰিব আৰু শুভ যোগ তৈয়াৰ কৰিব৷ প্ৰথমে ৪ ফেব্ৰুৱাৰী, বৃহস্পতিয়ে বৃষ ৰাশিত প্ৰৱেশ কৰিব, যিয়ে বহু ৰাশিৰ জীৱনত অগ্ৰগতি আৰু শুভ সুযোগ কঢ়িয়াই আনিব৷
ইয়াৰ পাছতেই ১১ ফেব্ৰুৱাৰীত বুধে শনিৰ ৰাশি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু পাছৰ দিনা অৰ্থাৎ ১২ ফেব্ৰুৱাৰীত সূৰ্যই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ কাৰণে কুম্ভ ৰাশিত সূৰ্য, বুধ আৰু শনিৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ইয়াৰ পাছতেই মঙ্গলে বৃষ ৰাশিত ভৰি দিব৷ মাহৰ শেষত বুধে মীন ৰাশিত প্ৰৱেশ কৰাৰ ফলত প্ৰচুৰ উপাৰ্জনৰ সুযোগ আহিব৷ জানি থওক কোন ৫টা ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহত গ্ৰহৰ গমন উপকাৰী?
মেষ ৰাশি
ফেব্ৰুৱাৰী মাহ মেষ ৰাশিৰ জাতকৰ বাবে কৰ্মজীৱনত উন্নতিৰ নতুন সুযোগ আহিব৷ এই মাহত শিক্ষাৰ্থীয়ে উচ্চশিক্ষাত সাফল্য পাব৷ চাকৰিয়াল কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে৷ ইয়াৰোপৰি যিসকল ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকেও যথেষ্ট সুবিধা পাব৷ ইয়াৰোপৰি ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ বিদেশ ভ্ৰমণৰ বাবে এই সময় অনুকূল৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সফলতা পাব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ফেব্ৰুৱাৰীত গ্ৰহৰ স্থান সলনি কোনো আশীৰ্বাদতকৈ কম নহয়৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকেও বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ পাব৷ ফলত ভাল লাভ পাব৷ বিবাহ সংক্ৰান্তিয় বিষয়ত ইতিবাচক ফল পাব৷ গ্ৰহৰ শুভ প্ৰভাৱৰ কাৰণে মামলা মোকৰ্দমাত সাফল্য আহিব৷ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা থাকিব৷
কৰ্কট ৰাশি
ফেব্ৰুৱাৰী মাহ কৰ্কট ৰাশিৰ জাতকৰ স্বাস্থ্য উন্নত হ’ব৷ আৰ্থিক লাভৰো যোগ আছে৷ এই মাহত অজানা শত্ৰুৰ পৰা সতৰ্ক থকাটো ভাল৷ দামী সামগ্ৰী ক্ৰয়ৰ সম্ভাৱনা আছে৷ ব্যৱসায়িক ভ্ৰমণ লাভজনক হ’ব৷ ৰৈ থকা কামত গতি আহিব৷ পৈতৃক সম্পত্তিৰ পা লাভ পাব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাই এই মাহত সন্তান আৰু প্ৰেমত সুসংবাদ পাব৷ ইয়াৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিষয়ত সমাধান পাব৷ পৰিয়ালৰ সৈতে ধৰ্মীয় আৰু আধ্যাত্মিক কামত অংশগ্ৰহণৰ সুযোগ আহিব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ চাকৰিয়ালে পদোন্নতিৰ সু সংবাদ পাব পাৰে৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে ফেব্ৰুৱাৰী মাহ উপকাৰী হ’ব৷ গ্ৰহৰ স্থানান্তৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ এই মাহত আপোনাৰ ব্যৱসায়ত উন্নতি হ’ব৷ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব৷ পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ