আজি সৰস্বতী পূজা, ৪ ৰাশি দেৱীৰ অতিকে প্ৰিয়, জ্ঞান আৰু বুদ্ধিৰ ক্ষেত্ৰত শীৰ্ষত
এইবাৰ সৰস্বতী পূজা দুদিনীয়াকৈ পৰিছে, ২ আৰু ৩ ফেব্ৰুৱাৰী। কাৰণ দেওবাৰে ৰাতি ১২:৩৪ বজাত পঞ্চমী পৰে, সোমবাৰে পুৱা ৯:৫৯ বজাত পঞ্চমী শেষ হয়। জ্ঞান, বুদ্ধিমত্তা, পাণ্ডিত্য, আৰু কলাৰ দেৱী সৰস্বতীৰ কৃপাত কিছু লোকে শিক্ষা আৰু কলাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰে।
শিক্ষা আৰু কলাৰ লগত জড়িত ছাত্ৰ-ছাত্ৰী আৰু লোকসকলে সৰস্বতীৰ কৃপা লাভ কৰিবলৈ চেষ্টা কৰে। জ্যোতিষৰ হিচাপ অনুসৰি চাৰিটা ৰাশিৰ লোকৰ ওপৰত সৰস্বতী দেৱীৰ বিশেষ কৃপা আছে। কোন এই ৰাশি-
মেষ ৰাশি
মেষ ৰাশিৰ অধীনত জন্ম লোৱা সকলৰ ওপৰত দেৱীৰ বিশেষ কৃপা আছে। ধন দেৱীৰ আশীৰ্বাদৰ লগতে নিজৰ কষ্ট আৰু ইচ্ছাশক্তিৰে মেষ ৰাশিৰ লোকে জ্ঞান-বুদ্ধিৰ ক্ষেত্ৰত আনক সহজেই অতিক্ৰম কৰে। মেষ ৰাশিৰ শাসক গ্ৰহ হৈছে মংগল গ্ৰহ। যদি তেওঁলোকে নিজৰ খং আৰু কথাবোৰ নিয়ন্ত্ৰণ কৰে তেন্তে তেওঁলোকে জীৱনত বহুত উন্নতি কৰিব পাৰে।
বৃষ ৰাশি
বৃষ ৰাশিৰ শাসক গ্ৰহ হৈছে শুক্ৰ। লক্ষ্মীৰ সমান্তৰালকৈ এই ৰাশিৰ অধীনত জন্ম হোৱা লোকসকলকো দেৱী সৰস্বতীৰ প্ৰিয়। তেওঁলোক অতি কঠোৰ পৰিশ্ৰমী আৰু এবাৰ কিবা এটা কৰিবলৈ মন দিলেই সেই কামত নিয়োজিত হৈ থাকে। সৰস্বতীৰ কৃপাত তেওঁলোকৰ শিক্ষা আৰু বুদ্ধিমত্তা আনতকৈ বহু উচ্চ।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ শাসক গ্ৰহ হৈছে চন্দ্ৰ। এই ৰাশিৰ লোকসকলৰ ওপৰত মাতৃ সৰস্বতী সন্তুষ্ট। সেয়ে তেওঁলোকে সহজেই সৰস্বতীৰ আশীৰ্বাদ লাভ কৰে। এই ৰাশিত জন্ম লোৱা লোকসকলে শিক্ষা আৰু উদ্যোগৰ ক্ষেত্ৰত নিজৰ নাম উজলাই তুলিব পাৰে।
মিথুন ৰাশি
মিথুন ৰাশিৰ লোকসকল মাতৃ সৰস্বতীৰ কৃপাত ধন্য। এই ৰাশিৰ শাসক গ্ৰহ বুধ। জ্ঞান, বুদ্ধিমত্তা, শিক্ষা, শিল্পৰ ক্ষেত্ৰত তেওঁলোকে সদায় বৃহৎ সফলতা লাভ কৰিব পাৰে। তেওঁলোকৰ কথা কোৱাৰ দক্ষতাও উল্লেখযোগ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















