ৰাজ্যৰ শিক্ষাৰ্থীসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
স্কুটি প্ৰদানক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই৷
এক্স হেণ্ডেলৰ লগতে ফেছবুকত এই খবৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই৷
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে দিছে এই সংবাদ৷
যোগ্যতাৰ ভিত্তিত ক’চিং কৰি থকা শিক্ষাৰ্থীয়েও লাভ কৰিব অসম চৰকাৰে দিয়া স্কুটি৷
নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে ক’চিং লৈ থকা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লিখিছে,
‘বিশেষ উদগনি হিচাপে অসম চৰকাৰে এইবাৰ নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং চেণ্টাৰত নামভৰ্তি কৰা সকলো যোগ্য ছাত্ৰ-ছাত্ৰীকো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকহে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব। বিৰতি বৰ্ষ(Gap year)ৰ পাছত নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলেও নিয়মীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ লগে লগে স্কুটী লাভৰ বাবে যোগ্য বিবেচিত হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















