বুধ বৃহস্পতিৰ শুভ যোগত ৩ ৰাশিৰ খোল খাব ভাগ্যৰ দ্বাৰ, লাভ কৰিব মনে বিচৰা ফল
শুক্ৰবাৰ ২১ ফেব্ৰুবাৰী তাৰিখে বুধ বৃহস্পতিয়ে ৯০ ডিগ্ৰী কোনত অৱস্থান কৰি এক শুভ যোগৰ সৃষ্টি কৰিব। গ্ৰহৰ এই কোনৰ সৃষ্টিক কেন্দ্ৰ যোগ বুলি কোৱা হয়। এই কেন্দ্ৰ যোগক জ্যোতিষ শাস্ত্ৰত অতিকে শুভ যোগ বুলি ধৰা হয়। এই যোগে বুদ্ধি জ্ঞান সংসাৰ , ভাগ্য আৰু আধ্যাত্মিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।
বুধ আৰু বৃহস্পতিৰ এই শুভ কেন্দ্ৰ যোগৰ ফলত ৩ ৰাশিৰ ভাগ্য খোল খাবলৈ গৈ আছে।
মেষ ৰাশি-
এই কেন্দ্ৰ যোগ মেষ ৰাশিৰ লোকৰ বাবে অতিকে শুভ , এই যোগে মেষ ৰাশিৰ লোকৰ কেৰিয়াৰ আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আনিব। চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ তথা পদোন্নতিৰ সুবিধা পাব। কষ্টৰ ফল লাভ কৰিব। ধৈৰ্য আৰু কষ্টৰ সকলোৱে শলাগ লব। সমাজতো মান পাব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে এই বুধ আৰু বৃহস্পতিৰ কেন্দ্ৰ যোগে ভাগ্যোদয় কৰিব। জীৱনলৈ সকৰাত্মক শক্তি আহিব । পাৰিবাৰিক সমস্যাৰ অন্ত পৰিব। কোনো ভাল খবৰ লাভ কৰিব। পুৰণি বেমাৰৰ পৰা সকাহ পাব। স্বাস্যৰ ক্ষেত্ৰত ভাল।
মকৰ ৰাশি-
মকৰ ৰাশিৰ লোকৰ বাবে এই কেন্দ্ৰ যোগ ধন আৰু সফলতাৰ প্ৰতীক । আপোনাৰ কষ্টই ভাল ফল দিব । আৰ্থিক অৱস্থাৰ উন্নতি হব। ছাত্ৰ সকলৰ বাবে ভাল। পৰীক্ষাত ভাল ফল লাভ কৰিব। কৰ্মত সফলতা লাভৰ লগতে মানসিক শান্তি লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















