বিশ্বৰ সবাতোকৈ প্ৰদূষিত নদীৰ তালিকাত ভাৰতৰ দুই নদী
প্ৰকাশ পাইছে বিশ্বৰ সবাতোকৈ প্ৰদূষিত নদীৰ তালিকা। যি সময়ত পবিত্ৰ গংগা-যমুনা আৰু সৰস্বতীৰ সংগম স্থলীত মহাকুম্ভৰ স্নান কৰি আছে, সেই সময়ত প্ৰকাশ পাইছে সবাতোকৈ প্ৰদূষিত নদীৰ তালিকা।
গংগা নদীৰ দৰে যমুনাকো ভাৰতত পবিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু যমুনা যিমান পবিত্ৰ সিমানেই লেতেৰা আৰু প্ৰদূষিত। শেহতীয়া দিল্লী বিধানসভা নিৰ্বাচনত যমুনা পৰিষ্কাৰ কৰাটো এটা ডাঙৰ বিষয় আছিল।
যমুনাৰ লগতে বিশ্বৰ কেইবাখনো নদী অতিকে প্ৰদূষিত বুলি প্ৰকাশ পাইছে। এই তালিকাত আছে ভাৰতৰ দুখনকৈ নদী। এখন যমুনা আনখন অতিকে পবিত্ৰ বুলি মান্য থকা গংগা। বিশ্বৰ আন প্ৰদূষিত নদী কেইখন হৈছে-
কুয়াহোগা
কুয়াহোগা আমেৰিকাৰ এখন প্ৰধান নদী। এই নদীখন ১৯৫০ চনত লাইমলাইটলৈ আহিছিল। এই নদীখনত ১৯৫০ চনত জুই লাগিছিল। উদ্যোগৰ পৰা নিৰ্গত হোৱা প্ৰদূষণ আৰু পানীত থকা জ্বলনশীল ৰাসায়নিক পদাৰ্থৰ বাবে এই নদীত জুই লাগিছিল। সেই ঘটনাৰ পিছতে এই নদীখন পৰিষ্কাৰ কৰাৰ অভিযান আৰম্ভ কৰা হয়। আজি এই নদীখন সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিছে।
মাটাঞ্জা
আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছৰ ওচৰতে থকা এই নদী অতিকে প্ৰদূষিত। যমুনাৰ দৰেই মাটাঞ্জা নদীও প্ৰদূষণৰ বাবে মৃত্যুমুখত পৰিছে, যাক ৰিয়াচুৱেলো বুলিও কোৱা হয়। ১৯৯৩ চনত এই নদীখন পৰিষ্কাৰ কৰিবলৈ কোটি কোটি টকা মুকলি কৰি দিয়া হৈছিল যদিও আজিও পৰিস্থিতি একেই আছে। বিশ্বৰ আটাইতকৈ লেতেৰা নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মাটাঞ্জা।
মিচিচিপি
আমেৰিকাৰ নদীৰ নামো বিশ্বৰ আটাইতকৈ লেতেৰা নদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নদীত প্ৰদূষণৰ পৰিমাণ ইমানেই বেছি যে ইয়াৰ পাৰক ডেড জ’ন বুলিও কোৱা হয়। ই আমেৰিকাৰ ৩১খন ৰাজ্য আৰু কানাডাৰ ২খন ৰাজ্যৰ মাজেৰে বৈ গৈ মেক্সিকো উপসাগৰত পৰে। মিনিয়াপলিছ, চেণ্ট লুইছ, মেম্ফিছ আৰু নিউ অৰলিন্সৰ দৰে ডাঙৰ চহৰ এই নদীৰ পাৰত অৱস্থিত।
গংগা নদীঃ
ভাৰতৰ আটাইতকৈ পবিত্ৰ নদী গংগাকো বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই নদীখন পৰিষ্কাৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে নমামি গংগাৰ দৰে প্রকল্পও আৰম্ভ কৰিছে৷ বানাৰস, পাটনা, কানপুৰ, প্ৰয়াগৰাজৰ দৰে বহু বৃহৎ চহৰ গংগাৰ পাৰত অৱস্থিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগা নদী পৰিষ্কাৰ কৰিবলৈ গংগা ৰিজুভেনেচন নামেৰে এটা মন্ত্ৰালয়ো গঠন কৰিছে।
পুৰণি গংগা
চুবুৰীয়া দেশ বাংলাদেশত বৈ যোৱা পুৰণি গংগাখনো প্ৰদূষণৰ আগ্ৰাসনত ভুগিছে। এই নদীৰ পাৰত প্ৰায় ৪০ লাখ জনসংখ্যা বসতি স্থাপন কৰা হৈছে। ইয়াৰ পিছতো এই নদীখন পৰিষ্কাৰ কৰিবলৈ কোনো ধৰণৰ সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা নহয়। কাৰখানাবোৰৰ পৰা ওলোৱা জাবৰ পোনে পোনে এই নদীত পৰে। এই নদীৰ মৃত জীৱ-জন্তু, মুকলি নলা-নৰ্দমা আৰু প্লাষ্টিকে ইয়াৰ পানী বিষাক্ত আৰু প্ৰদূষিত কৰি তোলে।
ইয়েল্ল’ নদীঃ
চীনত দ্ৰুতগতিত বৃদ্ধি পোৱা ঔদ্যোগিক বিপ্লৱৰ বোজা চীনৰ নদীসমূহেও বহন কৰি আছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে চীনৰ ইয়েল্ল’ নদী।
জৰ্ডান নদীঃ
জৰ্ডান নদীয়ো গংগা আৰু যমুনাৰ দৰে অতিকে প্ৰদূষিত। ইজৰাইল, জৰ্ডান আৰু পেলেষ্টাইনৰ মাজেৰে বৈ যোৱা জৰ্ডান নদী খ্ৰীষ্টান, ইহুদী আৰু ইছলাম ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়। এই নদীত যীচু খ্ৰীষ্টক বাপ্তিস্মদাতা যোহনে বাপ্তিছ দিছিল। পানীৰ চাহিদা বৃদ্ধি আৰু প্ৰদূষণৰ বাবে আজি এই নদীখনে নিজৰ অস্তিত্বৰ বাবে যুঁজ দিব লগা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















