আগন্তুক ২মেৰ পুৱা ৭বজাত কেদাৰনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলিব৷ ১২টা জ্যোতিৰ্লিংগ আৰু পঞ্চকেদাৰৰ অংশ কেদাৰনাথ৷ প্ৰতি বছৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰে উত্তৰাখণ্ডৰ এই জ্যোতিৰ্লিংগ৷ কিন্তু ইচ্ছা থাকিলেই কেদাৰনাথ যাব নোৱাৰি৷ তাৰবাবে আপুনি পূৰ্বৰে পৰাই প্ৰস্তুতি ৰাখিব লাগিব৷ যদিও এতিয়া ঘোৰা, হেলিকপ্টাৰ, পালকিৰ দৰে সুবিধা আছে তথাপিও কেদাৰনাথৰ প্ৰস্তুতি ল’লে কেইটামান কথা মূৰত ৰখাটো খুবেই জৰুৰী৷
উত্তৰাখণ্ডৰ গাড়োৱাল অঞ্চলত অৱস্থিত কেদাৰনাথ৷ প্ৰতিবছৰে প্ৰাকৃতিক বিপৰ্যয়ৰ মুখামুখি হয় এই অঞ্চল৷ সেয়ে বতৰৰ দিশটোলৈ লক্ষ্য ৰাখিহে কেদাৰনাথ যোৱাৰ পৰিকল্পনা কৰা উচিত৷ চেষ্টা কৰক বৰ্ষাকালত কেদাৰনাথ দৰ্শন এৰাই চলক৷ ইয়াৰোপৰি সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫৮৩ মিটাৰ উচ্চতাত অৱস্থিত হোৱা কেদাৰনাথত ঠাণ্ডাও মাৰাত্মক৷ সেয়ে সকলো দিশ চাইহে কেদাৰনাথ যোৱাৰ প্লেন কৰক৷
পৰ্যাপ্ত শীতৰ কাপোৰ আৰু সঠিক জোতা
যি ঋতুতেই কেদাৰনাথ নাযাওক কিয় তাত ঠাণ্ডা লাগিবই৷ যিসময়ত গ’লেও শীতবস্ত্ৰ লগত লৈ যাওক৷ যিহেতু উচ্চতা বহু বেছি সেয়ে ঠাণ্ডা লাগিব পাৰে৷ যদি খোজকাঢ়ি মহাদেৱৰ দৰ্শন কৰিব খোজে তেন্তে সঠিক জোতা ল’ব৷ আৰামদায়ক আৰু ট্ৰেকিঙৰ বাবে উপযুক্ত জোতা লওক৷ ভৰিৰ সমস্যা থাকিলে ট্ৰেকিং নকৰাই ভাল৷
হাইড্ৰেছন
খোজকাঢ়ি বা ঘোঁৰাত উঠি যেনেকৈয়ে নাযাওক কিয় পৰ্যাপ্ত পানী খাবই৷ যিহেতু উচ্চতা বহু বেছি সেয়ে পৰ্যাপ্ত পানী নাখালে শৰীৰ ডিহাইড্ৰেট হ’ব পাৰে৷ ইয়াৰোপৰি অল্টিটিউড চিকনেছ হোৱাৰো আশংকা থাকে৷ সেয়ে পানী খোৱা খুবেই জৰুৰী৷ ইয়াৰোপৰি অৱশ্যেই ফাৰ্ষ্ট এড কিট লগত ৰাখিবই৷
ৰেজিষ্ট্ৰেছন
কেদাৰনাথ যাত্ৰাৰ বাবে অনলাইন ৰেজিষ্ট্ৰেছন কৰিব লাগে৷ এই কাম কেদাৰনাথত উপস্থিত হৈয়ো কৰিব পাৰে৷ পূৰ্বৰে পৰা এই কাম কৰি থলে সমস্যাত নপৰে আপুনি৷ উত্তৰাখণ্ড টুৰিজিমৰ অফিচিয়েল চাইটত লগ ইন কৰি কেদাৰনাথ যাত্ৰাৰ বাবে অনলাইন ৰেজিষ্ট্ৰেছন কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















