ছুপ্ৰিম কৰ্টৰ আন এক ডাঙৰ পৰ্যবেক্ষণ। কাৰোবাক মিয়া, পাকিস্তানী বুলি কোৱাটো নিম্ন ৰুচিৰ পৰিচয় যদিও এয়া কোনো অপৰাধ নহয়। আনকি এই ধৰণৰ মন্তব্যক ধৰ্মীয় ভাৱাবেগত আঘাত লগা বুলিও ধাৰণা নকৰে বুলি স্পষ্টকৈ জনাই দিছে উচ্চতম ন্যায়ালয়ে।
মঙলবাৰে ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্য়ায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চে এই সংক্ৰান্তিয় এক গোচৰৰ শুনানি দিছিল। গোচৰ তৰিছিল এজন চৰকাৰী আৰ টি আই বিভাগত কৰ্মৰত উৰ্দু ট্ৰান্সলেটৰে। তেওঁৰ দাবী আছিল তেওঁৰ এজন সহকৰ্মী হৰি নন্দন সিঙে তেওঁক পাকিস্তানী বুলি অপমান কৰিছিল। আদালতত গোচৰ তৰি তেওঁ জনাই যে এই গোচৰ সংক্ৰান্তিয় কিছু নথি হৰিক তেওঁক দিছিল। কিন্তু হৰিয়ে প্ৰথমে তেওঁৰ সেই নথি লব নুখুজিলে। পৰবৰ্তী সময়ত সেই নথি গ্ৰহণ কৰিলেও তেওঁৰ ধৰ্মক লৈ অসন্মানজনক মন্তব্য কৰে। এই মন্তব্যত তেওঁ অপমানিত হৈছে। হৰিৰ বিৰুদ্ধে তেওঁ ভয় দেখুওৱা আৰু চাপ দিয়া বুলি অভিযোগ তুলি আদালতৰ কাষ চাপিছে।
এই অভিযোগৰ প্ৰেক্ষিততেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৮, ধৰ্মীয় অনুভূতিত আঘাত কৰা, ৫০৪ শান্তি ভংগৰ উদ্দেশ্যে অপমান কৰা আৰু ৩৫৩ চৰকাৰী কৰ্মীক কৰ্তব্য পালনত বাধা দিয়াৰ বাবে আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগ ধাৰাৰ গোচৰ ৰুজু হয় হৰিৰ বিৰুদ্ধে। মেজিষ্ট্ৰেটে প্ৰথমে ৩৫৩, ২৯৮, ৫০৪ ধাৰাৰ অভিযুক্তৰ বিৰুদ্ধে গোচৰ গ্ৰহণ কৰে আৰু প্ৰমাণৰ অভাৱত সেই ধাৰা বাতিলো কৰি দিয়ে। এই গোচৰ ৰাজস্থান হাইকৰ্টলৈ যায় আৰু তাৰপৰাই ছুপ্ৰিম কৰ্টলৈ যায়। সেই গোচৰতেই ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চৰ পৰ্যবেক্ষণ আৰু মন্তব্য অৱশ্যেই বেয়া উদ্দেশ্যে কৰা হৈছে। ধৰ্মীয় ভাৱাবেগত আঘাতৰ অপৰাধ বুলি কোৱা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















