মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজিনগৰৰ মোগল সম্ৰাট ঔৰঙ্গজেৱৰ সমাধি অপসাৰণৰ দাবী তুলিছে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে৷ দ্ৰুততৰভাৱে সমাধি অপসাৰণ নকৰিলে পৰিণাম বাবৰি মছজিদক দৰেই হব বুলিও জনাইছে৷ মহাৰাষ্ট্ৰ চৰকাৰৰ ডেপুটি মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাৰ মন্ত্ৰী সঞ্জয় শিৰছাটে এই দাবীৰ প্ৰতি সমৰ্থনো জনাইছে৷ তেওঁ প্ৰশ্ন তুলিছে কিয় এজন অত্যাচাৰী শাসকৰ সমাধি সংৰক্ষণ কৰা হৈছে?
সকলো মিলি ইতিহাসৰ পৃষ্ঠাৰ পৰা উঠি আকৌ মাৰাঠামুলুকৰ ৰাজনীতিৰ কেন্দ্ৰ এতিয়া ঔৰংগজেৱ৷ সমাধি অপসাৰণৰ দাবীক লৈ উত্তাল হৈ পৰিছে পৰিস্থিতি৷ সৰ্বভাৰতীয় সংবাদ সংস্থা সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ নাগপুৰত দুটা পৃথক পৃথক সংঘৰ্ষ হৈছে৷ চহৰৰ বহু এলেকাত নিষেধাজ্ঞাও জাৰি কৰা হৈছে৷ কেইবাটাও ঘৰ ভাঙি চুৰমাৰ কৰা হৈছে এখন মেডিকেল ক্লিনিকো জ্বলাই দিয়া হৈছে৷ আৰু বহু যানবাহনো জ্বলাই দিয়া হৈছে৷ আহত হৈছে তিনিগৰাকী আৰক্ষী৷ মুঠ আহত হৈছে ৯গৰাকী লোক৷
সৰ্বপ্ৰথম নাগপুৰৰ মধ্যাঞ্চল মহলৰ চিটনিছ পাৰ্ক এলেকাত সন্ধিয়া ৭.৩০ মিনিটত আৰম্ভ হয় মাৰপিটৰ ঘটনা৷ ১০.৩০মিনিটৰ পৰা ১১.৩০ মিনিটৰ মাজত ওল্ড ভাণ্ডাৰ ৰোডৰ ওচৰত হংসপুৰী এলেকাত আৰু এক সংঘৰ্ষ আৰম্ভ হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নমা আৰক্ষীক লক্ষ্য কৰি শিলগুটিও দলিয়াই৷ ঘটনাক লৈ বৰ্তমান পৰ্যন্ত ১৫জনক গ্ৰেপ্তাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















