এক দম্পতিৰ বিবাহ বিচ্ছেদৰ ৰায় দিয়াৰ সময়ত বিস্ফোৰক ঘোষণা কৰিলে চীনৰ আদালতে৷ যি শুনি ৰীতিমতে চমকি উঠিছে বহু যুৱক৷ সাংসৰিক বিষয়ক লৈ প্ৰায়েই অশান্তিত আছিল সেই দম্পতি৷ অশান্তিৰ চৰমসীমাত উপস্থিত হৈ ২০২২ চনত ঘৰ এৰে ব্যক্তিজনে৷ ইয়াৰপাছতেই দুই বছৰ পাৰ হল৷ যুৱকে আদালতত বিচ্ছেদ গোচৰ ৰুজু কৰে৷ সেই সময়ত যুৱকজন মানসিকভাৱে প্ৰস্তুত আছিল পত্নীক ক্ষতিপূৰণ দিবলৈকো৷ পত্নীয়ে বিচৰা ধন গোটাই আদালতত হাজিৰো হৈছিল যুৱক৷ তাৰপিছতেই আদালতৰ ৰায় শুনি চকু কঁপালত উঠিছে যুৱকজনৰ৷
সংসাৰ আৰু সন্তান চম্ভালিবলৈ চাকৰি এৰিছিল পত্নীয়ে৷ সেয়ে বিচ্ছেদৰ সময়ত তেওঁ স্বামীৰ পৰা ক্ষতিপূৰণ দাবী কৰিছিল৷ ভাৰতীয় টকাৰ নিৰিখত এয়া প্ৰায় ৬লাখ৷ ইয়াৰ সৈতে সন্তানকো নিজৰ কাষত ৰাখিব বিচাৰিছিল তেওঁ৷ গোচৰ চলি থকাৰ সময়ত আদালতে মহিলাৰ দাবী মূৰত ৰাখি এই টকাৰ পৰিমাণ আৰু বঢ়াই দিয়ে৷
আদালতৰ ৰায়ত স্পষ্ট কৰি দিছে যে পত্নীক যুৱকে ৩০ লাখ টকা দিব লাগিব৷ ইয়াৰোপৰি মাহত নিৰ্দিষ্ট পৰিমাণৰ টকাও পত্নীৰ হাতত তুলি দিব লাগিব৷ ৰায় দিয়াৰ সময়ত কৰ্টত যুৱকক ভৰ্ৎসনা কৰি কয়, সংসাৰৰ দায়িত্ব দুজনেই সমানভাৱে লোৱাটো জৰুৰী৷ দায়িত্ব ল’ব নোৱাৰিলে ক্ষতিপূৰণৰ পৰিমাণ বেছি হবই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















