হনুমান জয়ন্তীৰ দিনা কৰক এই কাম, সকলো কামনা হ’ব পূৰণ !
হনুমান ভগৱান শিৱৰ অৱতাৰ। বিশ্বাস কৰা হয় যে যদি কোনো ব্যক্তিয়ে হনুমানক সঁচা হৃদয়েৰে পূজা কৰে তেতিয়া তেওঁ নিজৰ সকলো ইচ্ছা পূৰণ কৰে আৰু জীৱনৰ কষ্ট দূৰ কৰে।
জ্যোতিষৰ মতে হনুমানক পূজা কৰাটো সহজ নহয়। এইবাৰ হনুমান জয়ন্তী ১২ এপ্ৰিলত উদযাপন কৰা হ’ব। প্ৰাচীন কালত ভগৱান শ্ৰী হনুমানৰ জন্ম এই দিনটোতে হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে প্ৰতি বছৰে এই দিনটোত হনুমান জয়ন্তী উৎসৱ পালন কৰা হয়।
দেশৰ বহু ৰাজ্যত হনুমান জয়ন্তীক হনুমান জন্মোৎসৱ বুলিও কোৱা হয়। হনুমান জয়ন্তীৰ দিনা শংকতমোচনৰ কিছুমান নিয়মেৰে পূজা কৰিলে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে
জ্যোতিষৰ মতে যদি স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে তেন্তে উত্তৰ-পূব দিশত ‘সঞ্জীৱনী লৈ থকা হনুমানৰ মূৰ্তি আপোনাৰ ঘৰ বা অফিচৰ কেবিনত ৰাখক। এনে কৰিলে স্বাস্থ্য সম্পৰ্কীয় সকলো সমস্যা সমাধান হ’ব আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকিব।
জয় লাভ কৰিবলৈ
যদি আপুনি যিকোনো কাম বা প্ৰতিযোগিতাত জয়ী হ’ব বিচাৰে তেন্তে আপোনাৰ ঘৰ বা অফিচৰ কেবিনত ৰঙা পতাকা লৈ থকা হনুমানৰ মূৰ্তি ৰাখক। জ্যোতিষৰ মতে ইয়াৰ ফলত আপোনাৰ জীৱনত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব আৰু মনটোও সুখী হৈ থাকিব।
আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ
জ্যোতিষৰ মতে যদি আপোনাৰ আত্মবিশ্বাসৰ অভাৱ হয়, তেন্তে আপোনাৰ ঘৰ বা অফিচৰ কেবিনৰ দক্ষিণ-পূব দিশত গদা ধৰি হনুমানৰ মূৰ্তিটো ৰাখক। ইয়াৰ ফলত মানসিক শক্তি বৃদ্ধি পাব আৰু পৰিস্থিতিত আত্মবিশ্বাসী হৈ থাকিব।
খং শান্ত কৰিবলৈ
যদি আপুনি বহুত খং কৰে তেন্তে ধ্যান ভংগীমাত বহি থকা হনুমানৰ মূৰ্তি ঘৰৰ উত্তৰ-পূব দিশত ৰাখক। এই প্ৰতিকাৰে আপোনাৰ মনক শান্ত কৰাৰ লগতে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। লগতে শংকত মোচনৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















