• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 minute ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

28 minutes ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

2 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

3 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

3 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

4 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

5 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

7 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

7 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

7 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

8 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

নলবাৰীৰ ঐতিহাসিক এইখন দেৱালয়ৰ আছে বহু ৰহস্য

editor by editor
October 16, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষষ্ঠীৰ বেদীত বেলবৰণেৰে প্ৰতিষ্ঠা হ’ব দেৱী দুৰ্গাৰ প্ৰতিমা। ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ আনন্দ। সকলো মণ্ডপতে দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি প্ৰতিষ্ঠা কৰিছে। আপুনি জানেনে ৰাজ্যৰ এনেকুৱা কিছুমান দেৱী মন্দিৰ বা দেৱালয় আছে য’ত দুৰ্গা পূজাত কোনোধৰণৰ দেৱীৰ মৃন্ময় মূৰ্তিৰ পূজা নকৰে। আজি তেনে এক মন্দিৰৰ বিষয়ে জানো আহক…

নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাত দেৱীৰ কোনো মৃণ্ময় মূৰ্তি (মাটিৰ প্ৰতিমা) পূজা কৰা নহয়। ইয়াৰ পৰিৱৰ্তে ৰাজদিনীয়া প্ৰাচীন পৰম্পৰা অনুসৰি ৰাম কলগছক (বা কলগছৰ কাণ্ড) সুশোভিত বস্ত্ৰ আৰু আ-অলংকাৰেৰে সজাই দেৱী ৰূপত পূজা-অৰ্চনা কৰা হয়। নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় হৈছে তেনে এক প্ৰাচীন মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত।

ঐতিহাসিক মন্দিৰটোৰ ৰহস্য

মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।

মৃন্ময় মূৰ্তিৰ কিয় পূজা নকৰে?

হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়। এই দেৱালয়ত হাঁহ, পাৰ, ম’হ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ম’হ বলি দিয়া হয়। বিল্বেশ্বৰ দেৱালয়ত প্ৰতিমাৰ পৰিৱৰ্তে নৱপত্ৰিকাত পূজা কৰা হয়। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়। এই ধৰণৰ পূজাৰ ধাৰা দেৱালয়খনৰ এক বিশেষ পৰম্পৰা, যাৰ মাধ্যমেৰে দেৱীৰ আধ্যাত্মিক ৰূপক পূজা কৰা হয়। এই দেৱালয়ত দুৰ্গা পূজাত বলি-বিধানৰো পৰম্পৰা আছে। বলি বিধান কাৰ্যৰ সৈতে জড়িত ব্যক্তিসকল প্ৰতিপদৰ পৰাই ব্ৰত পালন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!
নিয়োগ

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

October 16, 2026
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন
নিয়োগ

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

October 16, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.