ভাৰতীয় হজযাত্ৰীৰ বাবে আছে বিশেষ খবৰ৷ ভাৰতৰ বেচৰকাৰী হজ যাত্ৰীসকলৰ বাবে খোলা হ’ল হজ পৰ্টেল৷ ছৌদী হজ মন্ত্ৰণালয়ে খুলিছে এই পৰ্টেল৷ ১০ হাজাৰ হজ যাত্ৰীয়ে এই পোৰ্টেলত আবেদন কৰিব পাৰিব৷ এইবাৰ ভাৰতীয় নাগৰিকৰ বেচৰকাৰী হজ কোটা ৮০শতাংশলৈ কমাই দিছে ছৌদী আৰৱে৷ বিগত ১২ এপ্ৰিলত ছৌদী চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে ভাৰতৰ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷
হিন্দুস্থান টাইমছৰ খবৰ অনুসৰি ছৌদী আৰৱৰ এই সিদ্ধান্তক জম্মু কাশ্মীৰৰ বৰ্তমান মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু মেহবুবা মুফতিয়েও উদ্বেগ প্ৰকাশ কৰিছে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ক এই বিষয়ে ছৌদীৰ সৈতে যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে৷
দেওবাৰে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি ওমৰ আব্দুল্লাহে লিখিছে, ‘ছৌদীৰ এই সিদ্ধান্তৰ ফলত এই বছৰ হাজাৰ হাজাৰ ভাৰতীয় মুছলমানৰ হজযাত্ৰাত গুৰুতৰ অনিশ্চয়তা আহি পৰিছে৷ ছৌদী চৰকাৰৰ এই আদেশৰ ফলত ৫২ হাজাৰৰো বেছি ভাৰতীয় হজযাত্ৰীয়ে এইবাৰ হজযাত্ৰা কৰিব নোৱাৰিব৷ এইসকলৰ বেছিভাগেই কিন্তু হজৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পেমেণ্ট পৰিশোধ কৰি পেলাইছে৷’
কিন্তু ছৌদী চৰকাৰে হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে সেই বিষয়ে এতিয়াও স্পষ্টকৈ প্ৰকাশ কৰা নাই৷ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা বৰ্তমান পৰ্যন্ত এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















