ভয়ংকৰ দুৰ্ঘটনাই কঁপাইছে ৰাজ্য। কাজিৰঙাৰ ৰাজপথত মৃতদেহৰ শাৰী। ট্ৰেভেলাৰৰ সৈতে ট্ৰেইলাৰৰ সংঘৰ্ষৰ ফলত ১৫ জনৰো অধিক লোক নিহত হৈছে। এই যাত্ৰীৰ অধিকাংশই আছিল কলেজীয়া ছাত্ৰী। বৰ্তমান ৫ জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত এতিয়াও আৱদ্ধ ৭জনকৈ লোক।
কাজিৰঙাৰ ৰাজপথত শাৰী শাৰী নিথৰ দেহ পৰি আছে। ৩৫জন যাত্ৰী থকা ট্ৰেভেলাৰৰ সৈতে ট্ৰেইলাৰৰ সংঘৰ্ষৰ ফলত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। প্ৰথম অৱস্থাত ১০ ৰ মৃত্যুৰ খবৰ পোৱা গৈছিল, পিছলৈ এই সংখ্যা বাঢ়ি বাঢ়ি ১৫ জন হয়গৈ। দুৰ্ঘটনাৰ পিছত দুৰ্ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। তেওঁ ট্ৰেভেলাৰৰ ভিতৰভাগো মূৰ সোমাই চায়। দুৰ্ঘটনাৰ পাছতেই স্তব্ধ উজনি নামনি যাতায়ত। দুৰ্ঘটনাস্থলীৰ দুয়োপাৰে আৱদ্ধ হাজাৰ হাজাৰ বাহন।
অভিশপ্ত ট্ৰেভেলাৰখন পুৱা ৬ বজাত ওলাই নগাঁৱৰ পৰা গোলাঘাট অভিমুখে গৈছিল। ৰাতিপুৱা খালী গাড়ীলৈ নগাঁৱৰ ডীমৰুগুৰি স্থিত ব্লুমিংটন চাৰ্ভিছৰ পৰা ওলাই গৈছিল ট্ৰেভেলাৰ খন। আব্দুল মুজিদ নামৰ এজন বয়সীয়া চালকে চলাইছিল এম.পি. ট্ৰেভেলছ নামৰ ট্ৰেভেলাৰখন। পূৰ্বে কোনো ধৰণৰ দূৰ্ঘটনা সংঘটিত কৰা নাছিল মৃত মুজিদে। তথ্যনুসৰি এই দুৰ্ঘটনাত চালক আৰু হেন্দীমেন দুয়োজনে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















