• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

1 year ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

13 minutes ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

24 minutes ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

2 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

2 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

২০ বছৰ বয়সত কৰক এই কাম, সলনি হব আপোনাৰ ভৱিষ্যত!

4 hours ago
পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

পি এম কিষান যোজনাৰ ডাঙৰ খবৰ, ভুল নকৰিলে পাব সময়ত ধন!

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

5 hours ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

6 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

6 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

7 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

editor by editor
May 5, 2025
in জীৱনশৈলী
0
পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিক্সাৰ পিছত বান্ধি লৈছে এটা বক্স৷ তাত কুলফি৷ শীত, গ্ৰীষ্ম, বৰ্ষা কথা নাই৷ প্ৰতি সময়তে হাৰিয়ানাৰ ফতেহাবাদ জিলাত আইছক্ৰিম বিক্ৰি কৰি ফুৰে এগৰাকী বৃদ্ধই৷ শীৰ্ণ চেহেৰা, পিন্ধনত বগা পাঞ্জাৱী, ডিঙিতো এখন গামোছা৷ পোছাক বা চেহেৰা দেখি ধাৰণা হয় খুবেই অভাৱী জীৱন কটাই আছে বৃদ্ধগৰাকীয়ে৷ কিন্তু সাধাৰণ যেন লগা এই বৃদ্ধ এদিন সাংসদ আছিল৷ একালৰ সেই সাংসদেই এতিয়া কুলফিবিক্ৰেতা৷ কেতিয়া, কোনখন মন্ত্ৰীসভাত সাংসদ আছিল তেওঁ?

ভাগ্য আৰু পৰিস্থিতিৰ কৱলত পৰি আজি তেওঁ কুলফিৰ লগতে আইছক্ৰিম বিক্ৰি কৰে৷ এই কাম কৰিয়েই পৰিয়ালৰ ভৰণপোষণৰ দায়িত্বও সামৰি আছে অশীতিপৰ এইগৰাকী প্ৰাক্তন সাংসদে৷ নাম দাবায়া ৰাম৷ বেনজিৰ ভুট্টোৰ আমোলত পাকিস্তানৰ সাংসদ নিৰ্বাচিত হৈছিল তেওঁ. এতিয়া ভাৰতৰ হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ বাসিন্দা৷ দাবায়া ৰাম আৰু তেওঁৰ পৰিয়াল এতিয়া ৰতনগড় গাওঁত থাকে৷

পহেলগামৰ সাম্প্ৰতিক সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভিছা লৈ ভাৰতত বসবাস কৰি থকা পাকিস্তানী নাগৰিকসকলক পাকিস্তানলৈ উভতি যোৱাৰ নিৰ্দেশ দিছে ভাৰতে৷ ভিছা লৈ অহা বহু পাকিস্তানী নাগৰিকেই এই দেশ ত্যাগ কৰি সীমান্ত পাৰ হৈ নিজৰ দেশলৈ যাবলৈ বাধ্যও হৈছে৷ ২৪ এপ্ৰিলৰ পৰা আৰম্ভ কৰি বিগত দিনকেইটাত মুঠ ৫৩৭গৰাকী পাকিস্তানী নাগৰিক আটাৰী-ৱাঘা সীমান্তৰে ভাৰতৰ পৰা ওলাই গৈছে৷

কেন্দ্ৰৰ ভিছা সংক্ৰান্তিয় নিৰ্দেশিকাৰ পাছতেই স্থানীয় থানালৈ মাতি পঠিওৱা হৈছে ৰাম আৰু তেওঁৰ পৰিয়ালক৷ কাৰণ প্ৰাক্তন সেই পাক সাংসদৰ পৰিয়ালৰ ছজনেই ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে৷ বাকী ২৮গৰাকী সদস্যৰ ওচৰত এতিয়াও ভাৰতীয় নাগৰিকত্ব নাই৷ দীৰ্ঘ দিন ধৰি তেওঁলোকে ভাৰতত স্থায়ীভাৱে বসবাস কৰি বহুবাৰ আৱেদন কৰিও নাগৰিকত্ব লাভ কৰা নাই৷ চৰকাৰী নিৰ্দেশনা জাৰি হোৱাৰ পাছত এতিয়া ৰাম আৰু তেওঁৰ পৰিয়ালৰ মাজত বিচ্ছেদৰ এক সম্ভাৱনাই দেখা দিছে৷ নাগৰিকত্ব লাভ নকৰা সদস্যসকলে ভাৰত ত্যাগ কৰিব লাগিব বুলি শংকিত হৈ পৰিছে ৰাম৷

৩৪ জন সদস্যৰে এখন ভৰপুৰ সংসাৰ দাবায়া ৰামৰ৷ সোধপোছৰ পাছত ভাৰত চৰকাৰৰ অনুমতিতেই তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ফতেহাবাদ জিলাৰ ৰাতিয়া তহছিলৰ ৰতনগড় গাওঁৰ ঘৰলৈ উভতি যোৱাৰ অনুমতি দিয়া হৈছে ৰামৰ পৰিয়ালৰ অইন ২৮ জন সদস্যকো৷

দেশবিভাজনৰ দুবছৰ পূৰ্বে পাকিস্তানৰ পঞ্জাৱত জন্ম হৈছিল ৰামৰ৷ দেশবিভাজনৰ ফলত তীব্ৰ যন্ত্ৰণাৰে দিন কটাব লগা হৈছিল ৰামৰ পৰিয়ালে৷ সংখ্যালঘূসকলৰ ওপৰত তীব্ৰ চাপ থকা স্বত্ত্বেও ১৯৪৭ চনৰ পাছত সেই দেশতেই থাকি যায় তেওঁলোক৷ সেই দেশত থকাৰ সময়ত তেওঁলোকক ধৰ্মান্তৰণৰ প্ৰৱল চাপো দিয়া হৈছিল৷

পাকিস্তানত জন্মৰ সময়ত তেওঁৰ নাম দেশৰাজ ৰখা হৈছিল৷ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ কাৰ্ড তৈয়াৰ কৰিবলৈ আহোতে পাক কৰ্মকৰ্তাসকলে জোৰ কৰি তেওঁৰ নাম পৰিবৰ্তন কৰি দাবায়া ৰাম ৰাখে৷ ১৯৮৮ চনৰ পাকিস্তানৰ জাতীয় পৰিষদৰ সদস্যৰ তালিকাত তেওঁৰ নাম আল্লাহ দাবায়া হিচাপে ৰখা হয়৷ এনেকৈয়ে নামৰ পৰিবৰ্তন কৰি তেওঁক ধৰ্মান্তৰণৰ বাবে জোৰ দি থাকে পাক অধিকাৰীসকলে৷ ইয়াৰ বিৰোধীতা কৰি নিজৰ অস্তিত্ব ধৰি ৰাখে ৰামৰ পৰিয়ালে৷ সময়ৰ লগে লগে পৰিস্থিতি কিন্তু ভালৰ বিপৰীতে বেয়াৰ ফালেই গৈ থাকে৷ এই পৰিস্থিতিতেই ৰাজনীতিৰ ময়দানত ভৰি থয় ৰামে৷ সাংসদৰ স্থান লোৱাৰ বাবে আৰম্ভ হয় তেওঁৰ যুঁজ৷ এসময়ত ৰাজনীতিৰ ময়দানত হিন্দু নাগৰিকৰ শক্তিশালী জনপ্ৰতিনিধি হিচাপে উজলি উঠে ৰাম৷

১৯৮৮ চনত লোহিয়া আৰু বখাৰ জিলাৰ জনপ্ৰতিনিধি নিৰ্বাচিত হৈ পাক সংসদৰ সদস্য হয় ৰাম৷ সাংসদ হোৱাৰ পাছত তেওঁৰ পৰিয়ালত আৰম্ভ হয় সংখ্যাগুৰুৰ উপদ্ৰৱ৷ তেওঁৰ পৰিয়ালৰ এগৰাকী যুৱতীক জোৰকৈ উঠাই নি মুছলমান যুৱকৰ সৈতে বিয়া কৰোৱায় দিয়ে তাৰেই স্থানীয় সংখ্যাগুৰুসকলে৷ ধৰ্মীয় মৌলবাদীৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ প্ৰায় সকলোখিনিয়েই হেৰুৱাই পেলায় ৰামে৷ ধন সম্পত্তি সকলোবোৰ হেৰুৱালেও ৰামে আত্মবিশ্বাস হেৰুওৱা নাছিল৷ আত্মীয়ক এনেকৈ বলপূৰ্বক ধৰ্মান্তৰিত কৰাই বিয়া কৰোৱা কাৰ্যক লৈ আদালতৰ কাষ চাপে ৰাম৷ প্ৰথমে উচ্চ ন্যায়ালয় আৰু পাছলৈ উচ্চতম ন্যায়ালয়ৰো কাষ চাপে ৰাম৷ কিন্তু পাক উচ্চতম ন্যায়ালয়ে তেওঁৰ সেই গোচৰ খাৰিজ কৰে৷ সেই ঘটনাৰ পাছতেই পাকিস্তানত নিৰাপদ নহয় বুলি বুজি উঠে ৰামে৷ প্ৰায় ৫২ বছৰতকৈ বেছি সময় কটোৱা জন্মভূমি ত্যাগ কৰি তেওঁ ভাৰতলৈ অহাৰ বাবে আবেদন কৰে৷

বিচাৰব্যৱস্থাৰ প্ৰতি আস্থা শেষ হোৱা আৰু পৰিয়ালৰ নিৰাপত্তাৰ কথা ভাৱি ২০০০ চনত সপৰিয়ালে পাকিস্তানৰ পৰা ভাৰতৰ মাটিত ভৰি দিয়ে ৰামে৷ প্ৰথমে এমাহৰ ভিছাৰে তেওঁলোক ভাৰতলৈ আহে৷ তাৰপিছতেই পাকিস্তানলৈ আৰু কাহানিও উভতি যোৱাৰ কথা ভৱা নাই ৰামে৷ ভাৰতভূমিৰ ৰতনগড়তেই স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে ৰামে৷

ভাৰতলৈ অহাৰ পাছতেই তেওঁৰ আৰম্ভ হয় দুবেলা দুমুঠি খোৱাৰ সংগ্ৰাম৷ জীয়াই থাকিবলৈ দুবেলা দুমুঠি জোগাৰ কৰিবলৈকে ২০০০ চনৰ পৰা বৰ্তমানলৈ অব্যাহত আছে তেওঁৰ কঠোৰ পৰিশ্ৰম৷ বৃদ্ধ বয়সতো অন্ন চিন্তা দূৰ কৰাৰ বাবে তেওঁ কৰি গৈছে কৰ্ম৷ পাকিস্তানৰ এসময়ৰ জনপ্ৰিয় নেতা ৰাম আজি ভাৰতৰ ফুটপাথত আইছক্ৰিম বেপাৰী৷ এই জীৱনক লৈ তেওঁ সুখীনে বুলি বহুজনেই তেওঁক প্ৰশ্নও কৰি আহিছে৷ ৰামৰ এটাই উত্তৰ, মৌলবাদে ঘেৰি ৰখা চাৰিবেৰত উশাহৰ বাবে হাহাকাৰ কৰা জীৱনতকৈ এই পৰিশ্ৰমী মুক্ত জীৱনৰ সুখ বহু বেছি৷

উল্লেখ কৰা প্ৰয়োজন যে পাকিস্তানত এতিয়াও ২৫ একৰ পৈতৃক মাটি আছে ৰামৰ৷ সেই মাটি আছে দৰিয়াপুৰ তহছিলৰ পাঁচগীৰৰ এলেকাত৷ মাটিখিনি তেওঁৰ ককাকৰ নামেৰে পঞ্জীয়ণ কৰা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

August 30, 2026
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!
জীৱনশৈলী

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

August 30, 2026
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো
জীৱনশৈলী

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

August 30, 2026
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
Next Post
ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

ভাৰতীয় প্ৰতিৰক্ষা বিভাগত জড়িতসকলক যৌনতাৰ ফান্দত পেলাবলৈ পাকিস্তানে চলাইছে ‘হানিট্ৰেপিং বিশ্ববিদ্যালয়’! বছৰত ৩৫০০ কোটি খৰচ কৰে দুখীয়া দেশ পাকিস্তানে

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

কেনেকৈ কাম কৰে সন্ত্ৰাসবাদী গোষ্ঠীয়ে? কাশ্মীৰত কেনেকৈ নিৰ্মূল কৰিব পাৰিব সন্ত্ৰাসবাদ? প্ৰাক্তন সন্ত্ৰাসবাদী মহম্মদ কালুৱে প্ৰধানমন্ত্ৰীক দিলে বিশেষ পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.