যদি পাকিস্তানৰ পৰা গুলি চলে, ভাৰতৰ পৰা গোলা-বাৰুদ চলিব- মোদীৰ কঠোৰ মন্তব্য
যদি পাকিস্তানৰ পৰা গুলি চলে, ভাৰতে ৰৈ নাথাকে দুগুণ শক্তিৰে নামি পৰিব ভাৰত। গুলিৰ উত্তৰ গোলা- বাৰুদেৰে দিব ভাৰতে। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সক স্পষ্টভাৱে কয় যে যদি পাকিস্তানে কিবা কৰে তেন্তে ইয়াৰ সঁহাৰি আৰু অধিক ধ্বংসাত্মক আৰু কঠোৰ হ’ব।
আনহাতে সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হব লাগে। সেই সন্দৰ্ভত মোদীৰ মন্তব্য- কাশ্মীৰ সন্দৰ্ভত ভাৰতৰ স্থিতি অতি স্পষ্ট। এতিয়া মাত্ৰ এটাই বিষয় বাকী আছে – সেয়া হৈছে পাকিস্তান অধিকৃত কাশ্মীৰ (POK)ক পুনৰ ভাৰতৰ দখললৈ অনা। ইয়াৰ বাহিৰে আন একো নাই।

লগতে ইয়াকো কয় যে, যদি পাকিস্তানে সন্ত্ৰাসবাদীক ভাৰতৰ হাতত গতাই দিয়াৰ কথা কয়, তেন্তে ভাৰতে কথা পাতিব পাৰে। মোদীৰ আন কোনো বিষয়ৰ কথা কোৱাৰ কোনো উদ্দেশ্য নাই। লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে, ভাৰত-পাকৰ মাজত কোনোৱে মধ্যস্থতা কৰাটো নিবিচাৰে। ভাৰতক কাৰো মধ্যস্থতাৰ প্ৰয়োজন নাই।
সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জে ডি ভেন্সৰ সৈতে হোৱা বাৰ্তালাপত স্পষ্ট কৰি কৈছিল যে ‘পাকৰ পৰা গুলী নিক্ষেপ কৰিলে হ’ব, ইয়াৰ পৰা গোলা নিক্ষেপ কৰা হ’ব’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















