ভাৰতৰ পৰাক্ৰমী সেনা, সশস্ত্ৰ বাহিনী, এজেন্সি আৰু আমাৰ বিজ্ঞানীক চেল্যুট জনাই মই মোৰ সংবাদমেল আৰম্ভ কৰিছো৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় – যেতিয়া দেশ একজোঁট হয়, যেতিয়া সকলোৰে আগত দেশ আহে তাৰ ফল নিশ্চয় পোৱা যায়৷ যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদক শেষ কৰি দিবলৈ ভাৰতে আক্ৰমণ কৰে তেতিয়া সন্ত্ৰাসবাদী সংগঠনেই নহয় তেওঁলোকৰ মনোবলো ভাঙি গুৰি কৰি দিলে৷
অপাৰেছন সেন্দূৰৰ প্ৰাপ্তিৰ বাবে সেনাৰ পৰাক্ৰমক আমি উৎসৰ্গা কৰিছো দেশৰ সকলো মাৰ চৰণত৷ দেশৰ মহিলাৰ নামত৷ স্ত্ৰী, শিশুৰ সন্মুখতেই ধৰ্ম সুধি নৃশংস হত্যালীলা চলাইছিল পহেলগামত এই ঘটনাৰেই প্ৰতিবাদ কৰি আমি অপাৰেছন সিন্দূৰ কৰিছো৷
পৃথিৱীত ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হেড কোৱাৰ্টাৰ ভাঙি দিয়া হৈছে৷ পাকিস্তান এতিয়া হতাশাত ভূগিছে৷ তেওঁলোক নিৰাশাত ভূগিছে৷ এই অৱস্থাত তেওঁলোকে আৰু এটা ভুল কৰিছে৷ ভাৰতৰ সংগ দিয়াৰ সলনি সন্ত্ৰাসবাদৰ সংগ দিছে৷ সন্ত্ৰাসবাদক ৰক্ষা কৰিবলৈ আমাৰ ওপৰতেই আক্ৰমণ কৰিছে৷ আমাৰ স্কুল-কলেজ, সাধাৰণ নাগৰিকৰ ঘৰ, মন্দিৰ আদিক টাৰ্গেট কৰিছে পাকিস্তানে৷ এই পৰিকল্পনাত তেওঁলোক ব্যৰ্থ হ’ল৷ দুনীয়াই দেখিলে কেনেকৈ পাকিস্তানৰ ড্ৰোণ, মিছাইল ভাৰতৰ হাতত ধুলিস্যাৎ হল৷ আকাশতেই নষ্ট কৰি দিয়া হল৷ তিনি দিনত পাকিস্তানক যি কৰা হৈছে সেয়া তেওঁলোকে ভাৱিবই পৰা নাছিল৷ এতিয়া তেওঁলোকে বাচিবলৈ ৰাস্তা বিচাৰিছে৷ দেশে দেশে ঘূৰিছে৷ বেয়াকৈ মাৰ খোৱাৰ পাছত ১০ মেত পাকিস্তানী সেনাই আমাৰ ডিজিএমৰ দ্বাৰস্থ হৈছে৷ ইয়াৰ পূৰ্বে আমি পাকিস্তানৰ মাটিত থকা সন্ত্ৰাসবাদীৰ ঘাঁটি গুৰি কৰি দিছো৷
আমাৰ সেনাবাহিনী সদায়ে সতৰ্ক৷ আকাশ, পানী, মাটি সৰ্বত্ৰতে আমি প্ৰস্তুত আছো৷ নতুন নৰ্মেল তৈয়াৰ কৰিছে সেনাই৷ ভৱিষ্যতে প্ৰয়োজন হলে আকৌ জৱাব দিয়া হব৷ কোনো নিউক্লিয়াৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে৷
ষ্টেট স্পনছৰ্ড টেৰৰিজমৰ ডাঙৰ উদাহৰণ পহেলগাম কাণ্ড৷ প্ৰত্যেক যুদ্ধতেই আমি পাকিস্তানত পৰাস্ত কৰিছো৷ অপাৰেছন সিন্দূৰৰ শ্ৰেষ্ঠতা সিদ্ধি কৰিছো আমি৷ মেড ইন ইণ্ডিয়া হাথিয়াৰৰ কাম প্ৰমাণ হৈছে৷ আৰু সন্ত্ৰাসবাদীসকলৰ এই ধৰণৰ কাৰ্যকলাপ সহ্য নকৰে ভাৰতে৷ পাকিস্তানক যদি ৰক্ষা কৰিব লাগে তেন্তে তেওঁলোকৰ সন্ত্ৰাসৰ পৰিকাঠামো নিৰ্মূল কৰিব লাগিব৷ এইবাৰ পাকিস্তানৰ সৈতে কথা হ’লে সন্ত্ৰাসবাদক লৈয়েই কথা হব৷ পাকিস্তানৰ সৈতে এইবাৰ কথা হ’লে পাক অধিকৃত কাশ্মীৰক লৈয়েই হ’ব৷ আজি বুদ্ধপূৰ্ণিমা, শান্তিৰ পথো যুদ্ধৰেই মুকলি হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















