৩ জুন ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি জেঠৰ শুক্লা অষ্টমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে ৰবি যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগৰ প্রভাৱ৷ আজি থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
৩ জুন বিশেষ শুভ দিন হব বৃষ ৰাশিৰ জাতকৰ৷ আপোনাৰ ব্যক্তিত্বৰ বিকাশ ঘটিব৷ বজৰংবলীৰ কৃপাত সকলো কামেই সম্পূৰ্ণ কৰিব পাৰিব আপুনি৷ আৰ্থিক অৱস্থা মজবুত হব৷ নতুন সম্পত্তি ক্ৰয়ৰ কথা আগুৱাব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত প্ৰতিপত্তি বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷
কৰ্কট ৰাশি
হৰ্ষণা যোগত নানান দিশৰ পৰা লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ মনৰ সকলো অপূৰ্ণ ইচ্ছা পূৰণ হব কৰ্কট ৰাশিৰ জাতকৰ৷ আৰামেৰে দিন কটাব পাৰিব আপুনি৷ আপোনাৰ লাইফষ্টাইল আৰু চিন্তাভাৱনাত পজিটিভ কিছু পৰিবৰ্তন আহিব৷ কোনো সূত্ৰৰ পৰা অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















