বাস্তুশাস্ত্ৰ অনুসৰি প্ৰতিবিধ সামগ্ৰীৰেই নিজস্ব শক্তি আছে৷ এই শক্তিয়ে আমাৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলায়৷ শুভ শক্তিৰ প্ৰভাৱত যেনেকৈ জাতকে উন্নতিৰ শীৰ্ষত উপস্থিত তেনেকৈ অশুভ শক্তিৰ প্ৰভাৱত উন্নতিৰ পথত পদে পদে বাধা সৃষ্টি কৰে৷ ইয়াৰ ফলত বহু সময়ত প্ৰায় সম্পূৰ্ণ হোৱা কামো ৰৈ যায়৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত বাস্তু দোষ থাকিলে আমাৰ জীৱনত অশুভ শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷
বাস্তুমতে এনে কিছু কাম আছে যি পুৱা টোপনিৰ পৰা ওঠাৰ পাছত কৰিলেই তাৰ অশুভ প্ৰভাৱ আমাৰ জীৱনত পৰে৷ ইয়াৰ কাৰণে বহু সময়ত শুভ কামতো বাধাৰ সৃষ্টি হয়৷ জানি থওক বাস্তুশাস্ত্ৰ অনুসৰি কি কি কাম পুৱা টোপনিৰ পৰা ওঠাৰ পাছত কেতিয়াও কৰা উচিত নহয়৷
ছায়া নাচাব
পুৱাই উঠি সৰ্বপ্ৰথমে আপুনি যি দেখে তাৰ প্ৰভাৱ আপোনাৰ জীৱনত পৰে৷ মনত ৰাখিব পুৱা কেতিয়াও কাৰো ছায়া নাচাব আনকি নিজৰ ছায়ালৈকো মন নকৰিব৷ ছায়া দেখিলে আপোনাৰ হৈ যোৱা কামো ৰৈ যাব পাৰে৷ মনত ৰাখিব ইয়াৰ ফলত ব্যক্তি হতাশা আৰু অৱসাদত ডুবে৷ কোনো কামতেই উৎসাহ নাপায়৷
লেতেৰা বাচন
পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত লেতেৰা বাচনলৈ চকু নিদিব৷ ইয়াৰ ফলত সমগ্ৰ দিনজুৰি অশুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ আনকি কোনো কাম সফল হবলগীয়া থাকিলেও মাজপথত ৰৈ যাব৷ নিশা টোপনি যোৱাৰ পূৰ্বে কেতিয়াও চিংকত বাচন জমা কৰি নুশুব৷ নিশাৰ বাচন নিশাই ধুই থোৱা উচিত৷ ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ হয়৷
আইনা নাচাব
পুৱাই টোপনিৰ পৰা ওঠাৰ পাছত লগে লগে আইনাত নিজৰ মুখ নাচাব৷ বাস্তু অনুসৰি ইয়াৰ ফলত মানসিক অৱসাদ আহে৷ আনকি প্ৰায় হৈ যোৱা কামো ৰৈ যাব পাৰে৷ পুৱাই টোপনিৰ পৰা উঠি আইনালৈ নাচাব৷ কাৰণ বাস্তুমতে শুৱা ৰূমত আইনা ৰখাটোৱেই উচিত নহয়৷ আইনা বেডৰুমত ৰাখিলেও এনেকৈ ৰাখক যাতে শুই উঠিয়েই মুখখন আইনাত নেদেখে৷
বন্যপ্ৰানী নাচাব
পুৱাই উঠি কোনো বন্য জীৱজন্তু বা ছবি নেদেখাই ভাল৷ গৰত এনে কোনো ছবি থাকিলে পুৱাই উঠি সেয়া নাচাব৷ বাস্তুমতে পুৱাই বন্য জীৱজন্তু বা ছবি দেখিলে সংসাৰত অশান্তি বাঢ়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















