দেশৰ সকলো ৱাকফ সম্পত্তিৰ ৰেজিষ্ট্ৰেচন কৰাটো বাধ্যতামূলক কৰা হৈছে৷ তাৰবাবে নতুন পৰ্টেলো মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই নতুন পৰ্টেলৰ নাম দিয়া হৈছে উমিদ৷ সূত্ৰৰ খবৰ অনুসৰি ৬ জুনত এই পৰ্টেলৰ উদ্বোধন কৰা হ’ব৷ জনা গৈছে, ‘উমিদ’ পৰ্টেলৰ মাধ্যমত আগন্তুক ৬মাহৰ ভিতৰত সমস্ত ৱাকফ সম্পত্তিৰ ৰেজিষ্ট্ৰেচনৰ কাম শেষ কৰিব লাগিব৷ দিব লাগিব সম্পত্তিৰ বিৱৰণ, আয়তন, জিঅ’ টেগসহ লোকেশ্ব্যন আৰু অন্যান্য তথ্য৷
প্ৰযুক্তিগত বা অন্য কোনো কাৰণত যিসমূহ ৱাকফ সম্পত্তিৰ নিৰ্দিষ্ট সময়সীমা অৰ্থাৎ ৬ মাহৰ ভিতৰত ৰেজিষ্ট্ৰেছন নহয় সেই সম্পত্তিসমূহৰ ৰেজিষ্ট্ৰেচনৰ বাবে দুমাহ এক্সট্ৰা সময় দিয়া হব৷ তাৰপিছতো যদি ৰেজিষ্ট্ৰেচন নহয় তেতিয়া সেই ৱাকফ সম্পত্তিসমূহক ডিছপুট বা বিতৰ্কিত সম্পত্তি বুলি ঘোষণা কৰি দিয়া হব৷ ৰিপৰ্ট অনুসৰি নিৰ্বাচন কমিছনৰ তথ্য ব্যৱহাৰ কৰি ৱাকফ সম্পত্তিৰ পৰিচয় চোৱা হব ৰেজিষ্ট্ৰেচনৰ প্ৰক্ৰিয়া চোৱাচিতা কৰিব প্ৰত্যেক ৰাজ্যৰ ৱাকফ বৰ্ডে৷
উল্লেখ্য যে ৱাকফ সম্পত্তি নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ ক্ষেত্ৰত যিসমূহ সমস্যা আৰু চেলেঞ্জ আছিল সেইসমূহ সমাধানৰ বাবে ৱাকফ আইন, ১৯৯৫ সংশোধন কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ আহিছে সংশোধিত ৱাকফ আইন৷ এইবাৰ ৱাকফ সম্পত্তি ৰেজিষ্ট্ৰেচনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















