আজি প্ৰথমটো পদকৰ আশাত বাংগালুৰু বনাম পাঞ্জাৱ, কোনে মাৰিব শেষ হাঁহি বিৰাট নে প্ৰীতি
আজি ৩ জুন মঙলবাৰে খেলপথাৰত সমুখসমৰত বাংগালুৰু বনাম পাঞ্জাৱ। কোনে মাৰিব শেষ হাঁহি ১৮ বছৰীয়া সপোন পুহি ৰখা বিৰাট কোহলী নে কোনোদিনে বিতৰ্কৰ মাজত প্ৰৱেশ নকৰা প্ৰীতি জিন্টা। ১৮ বছৰ ধৰি আৰ চি বিৰ হৈ খেলা বিৰাটৰ হয়টো এয়া শেষ আই পি এল।
যাৰ বাবে আৰ চি বিৰ অনুৰাগী সকল অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰথমটো আই পি এল পদকৰ বাবে। আনহাতে প্ৰীতি জিণ্টাৰো আশা পদক জয় কৰিব শ্ৰেয়াছে।
সামাজিক মাধ্যমতো ভাইৰেল হৈছে এখন বিশেষ ফটো। বলীউডৰ বীৰ-জাৰা খ্যাত শ্বাহৰুখ আৰু প্ৰীতি জিণ্টাৰ। শ্ৰেয়াছে এবাৰ বীৰ অৰ্থাৎ শ্বাহৰুখৰ বাবে কলকাতাৰ হৈ পদক জয় কৰিছে , এইবাৰ জাৰা অৰ্থাৎ প্ৰীতি জিণ্টাৰ বাবে পাঞ্জাৱৰ বাবে পদক জয় কৰাৰ পাল।
যাৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে আই পি এল অনুৰাগী সকলে। এইবাৰ আই পি এলে পাব নতুন চেম্পিয়ন। সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’ব সেই মহাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ