এটা সময়ত কণ্ঠৰ বাবে হাঁহি উৰাইছিল সকলোৱে, আজিৰ দিনত একোটা অনুষ্ঠানৰ বাবদ লয় কোটি কোটি
আজি বলীউডৰ অন্যতম জনপ্ৰিয় তথা হিট গানৰ গ্যাৰাণ্টি মিকা সিঙৰ জন্মদিন। আজি ৪৮ বছৰ বয়সত ভৰি দিলে গায়ক গৰাকীয়ে। ১৯৭৭ চনৰ ১০ জুন তাৰিখে পশ্চিমবংগৰ দুৰ্গাপুৰত জন্মগ্ৰহণ কৰিছিল মিকাই।
আজি ৪৮ সংখ্যক জন্মদিন উদযাপন কৰা মিকাই বলীউডৰ গীতৰ লগতে পাঞ্জাবী গীতেৰে অনুৰাগীৰ মাজত সুনাম অৰ্জন কৰিছে। বছৰ বছৰ ধৰি সংগীত জগতত শাসন কৰি অহা মিকাৰ ককায়েকো এগৰাকী জনপ্ৰিয় গায়ক, তেখেত দিলেৰ মেহেন্দী।
আজিৰ তাৰিখত মিকা এটি সু-পৰিচিত নাম যদিও এটা সময়ত দিলেৰ মেহেন্দীৰ ভাতৃ মিকাৰ কণ্ঠৰ বাবে বহুতেই লৈ ঠাট্টা কৰিছিল। এগৰাকী জনপ্ৰিয় গায়কৰ ভাতৃৰ কণ্ঠ গানৰ বাবে নহয় বুলি উল্লেখ কৰিছিল বহুতে। ককায়েক দিলেৰ মেহেন্দীৰ সৈতে তুলনা কৰি হেয় প্ৰতিপন্ন কৰিছিল মিকাৰ।
যাৰ বাবে বলীউডত নাম থকা ককায়েক থকাৰ পাছতো আন শিল্পীৰ দৰে মিকা সিঙেও জীৱনত বহু সংগ্ৰামৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। যি কণ্ঠৰ বাবে মিকা হাঁহিয়াতৰ পাত্ৰ হৈছিল, সেই মিকাৰ আজিৰ তাৰিখত নিজৰ ব্যতিক্ৰম কণ্ঠৰ বাবে তেওঁৰ লাখ লাখ অনুৰাগী।
‘সাৱন মেই লগা গই আগ’, ‘আজ কি পাৰ্টি’, ‘মৌজা হী মৌজা’, ‘ধিং চিকা’, সুবাহ হ’নে না দে’, ‘আপকা ক্যা হোগা’ আদি বিখ্যাত গীতক কণ্ঠদান কৰা মিকাই আজিৰ তাৰিখত একোটা গীতৰ বাবদ লয় ১০ৰ পৰা ১৩ লাখ টকা পৰ্যন্ত। আনহাতে একোখন অনুষ্ঠান বা একোটা শ্ব’ৰ বাবদ লয় কোটিৰ ঘৰত টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















