ধোনীলৈ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সন্মান, ভাৰতৰ ১১ সংখ্যক খেলুৱৈ হিচাপে লাভ কৰিলে- ICC Hall of Fame
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীলৈ ক্ৰিকেট জগতৰ সৰ্বোচ্চ সন্মান। আইচিচি হল অৱ ফেম (ICC Hall of Fame)ত অন্তৰ্ভুক্ত কৰা হৈছে ধোনীক। এই তালিকাত অন্তৰ্ভুক্ত হোৱা ১১ সংখ্যক ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত ধোনী।
৯ জুন সোমবাৰে আইচিচিয়ে সদৰি কৰে এই তথ্য। ধোনীৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন হাছিম আমলা, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন মেথিউ হেইডেন, দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথ, নিউজিলেণ্ডৰ প্ৰাক্তন স্পিনাৰ ডেনিয়েল ভিট্টোৰী, পাকিস্তানৰ মহিলা দলৰ খেলুৱৈ ছানা মিৰ আৰু ইংলেণ্ডৰ মহিলা দলৰ খেলুৱৈ চাৰা টেইলৰকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
https://x.com/BCCI/status/1932109392805351525
কেপ্তেইন কুল নামেৰে পৰিচিত ধোনী ভাৰতৰ অন্যতম সফল অধিনায়ক। ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।
ধোনী ভাৰতৰ একমাত্ৰ অধিনায়ক যাৰ অধিনায়কত্বত দলটোৱে আইচিচিৰ তিনিটাকৈ খিতাপ দখল কৰিছে। ইয়াৰ উপৰিও তেওঁৰ নেতৃত্বত ভাৰতে ২০১০, ২০১৬ চনত এছিয়া কাপৰ খিতাপো লাভ কৰিছিল।

ধোনী ভাৰতৰ পৰা আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা ১১ সংখ্যক খেলুৱৈ। ধোনীৰ পূৰ্বে নীতু ডেভিদ, বীৰেন্দ্ৰ সেহৱাগ, ডায়েন এদুলজী, বিনোদ মানকাদ, শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, অনিল কুম্বলে, কপিল দেৱ, বিষান সিং বেদী আৰু সুনীল গাভাস্কৰে এই সন্মান লাভ কৰিছে। গাভাস্কাৰ আৰু বিষাণ সিং বেদী ভাৰতৰ পৰা আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ বয়সীয়াল খেলুৱৈ। ২০০৯ চনত তেওঁলোকে এই সন্মান লাভ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















