ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ৰহস্য উন্মোচন হৈছে৷ তদন্তৰ পৰাই অনুমান হৈছে যে ৰাজাৰ পত্নী সোনমেই স্বামীক ভাৰাতীয়া হত্যাকাৰী লগাই হত্যা কৰিলে৷ কিন্তু এই ৰহস্য উদঘাটন হোৱাৰ আগলৈকে সামাজিকমাধ্যমত মেঘালয় আৰু উত্তৰ পূব ভাৰতক লৈ বহু মানুহে আপত্তিকৰ মন্তব্য কৰিছে বুলিও অভিযোগ৷ সমস্ত মন্তব্যক জাতিবিদ্বেষী মন্তব্য বুলিও দাবী কৰি ক্ষমা খোজাৰ দাবি তুলিছে মেঘালয়ৰ একাধিক নাগৰিক সংগঠনে৷
মেঘালয়ৰ চেৰাপুঞ্জি এলেকাৰ এটা খাদৰ পৰা ৰাজাৰ দেহ উদ্ধাৰ আৰু সোনম নিখোঁজ হৈ যোৱাৰ পাছত একাধিক জল্পনাকল্পনা আৰম্ভ হৈছিল সামাজিকমাধ্যমত৷ তাতেই কোনো কোনোৱে দাবী কৰিছিল উত্তৰ পূব ভাৰতত থকা সক্ৰিয় দস্যুৱে এনেকৈ মানুহক লুটপাত কৰি মাৰে৷ কোনো কোনোৱে বক্তব্য কৰিছিল, উত্তৰ পূৱ ভাৰতৰ পৰা দলিতসকলক অপসাৰণ কৰা হওক৷ আনকি সোনম গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁৰ পিতৃয়ে এতিয়াও দোষী বুলি দাবী কৰিছে মেঘালয় আৰক্ষীকেই৷
পূৰ্বে মেঘালয় আৰু উত্তৰ পূৱ ভাৰতৰ ভাৱমূৰ্তি নষ্ট কৰাৰ অভিযোগ তুলি সৰব হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷ এন ডি টিভিক তেওঁ কৈছে, ‘আমাৰ চৰকাৰ আৰু ৰাজ্যৰ ভাৱমূৰ্তি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নষ্ট কৰা হৈছে৷ অভিযুক্তসকলৰ এজনো কিন্তু আমাৰ মেঘালয়ৰ বাসিন্দা নহয়৷’
মেঘালয়ৰ ৰাজধানী শ্বিলংৰ নাগৰিক অধিকাৰ সংগঠন, ‘মেঘালয় ছচিয়েল অৰ্গেনাইজেছনে’ সোনমৰ পৰিয়ালৰ পৰা ক্ষমা খোজাৰো দাবী কৰিছে৷ সংগঠনৰ চেয়াৰমেল ৰয় কুপাৰ চিনৰেমে সোনমৰ পৰিয়ালক সমালোচনা কৰি কয়, তথ্য নজনাকৈ পৰিয়ালৰ সদস্যসকলে মেঘালয়ৰ স্থানীয় জনগোষ্ঠী, চৰকাৰক আক্ৰমণ কৰিছে৷ তেওঁলোক এতিয়া দুখত আছে মানিছো৷ কিন্তু তেওঁলোকে এতিয়াও ভুল খবৰেই সকলোকে দি আছে৷ এনে ভুল তথ্য বিয়পাই থকাৰ বাবে ক্ষমা খুজিব লাগিব৷ তেওঁলোকে কেৱল চৰকাৰ আৰু আৰক্ষীকেই সমালোচনা কৰা নাই, মেঘালয়ৰ প্ৰতিজন নাগৰিকৰ ভাৱমূৰ্তি নষ্ট কৰিছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















