সম্পদ, সমৃদ্ধি আৰু জ্ঞানৰ গ্ৰহ গুৰু বৃহস্পতিয়ে ১২ জুনৰ পৰা অস্তমিত হব৷ দৃক পঞ্চাঙ্গ অনুসৰি দেৱতাসকলৰ গুৰু বৃহস্পতিয়ে জুলাই মাহৰ ৯ তাৰিখে পুৱা ৪ বাজি ৪৪ মিনিটত উদিত হব৷ হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি বৃহস্পতিৰ মুঠ ২৭ দিন অস্তমিত সময়ত কোনো শুভ আৰু মাঙ্গলিক কাম কৰা নহয়৷ গুৰু বৃহস্পতি জ্ঞান, ধৰ্ম, সম্পদ, অৱস্থান, প্ৰতিপত্তি আৰু ভাগ্যৰ কাৰক আৰু অধিপতি গ্ৰহ৷ যেতিয়া বৃহস্পতি উদিত হয় তেতিয়া ইয়াৰ ইতিবাচক প্ৰভাৱ জাতকৰ জীৱনত নতুন সুযোগ আৰু অগ্ৰগতি আনিবাৰ্য৷ জ্যোতিষ শাস্ত্ৰমতে তেতিয়াৰে পৰাই ৫ ৰাশিৰ সোনালী সময় আৰম্ভ হব৷ এই সময়ত প্ৰচুৰ সম্পদৰ লগতে পদে পদে প্ৰতিপত্তি লাভৰ সম্ভাৱনা আছে৷ জানি থওক এই ৫ ভাগ্যবান ৰাশি কি কি?
বৃষ ৰাশি
গুৰু উদয় বৃষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰা হব৷ উচ্চ পদ লাভৰো সম্ভাৱনা আছে৷ যদি আপুনি চৰকাৰী চাকৰি বা পদোন্নতিৰ বাবে অপেক্ষা কৰিছে তেন্তে এই সময় আপোনাৰ বাবে শুভ৷ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব আৰু যিকোনো অমীমাংসিত কামো সম্পন্ন হব পাৰে৷ পাৰিবাৰিক জীৱনতো সন্মান বৃদ্ধি পাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে গুৰুৰ উদয়ে জীৱনলৈ এক নতুন দিকনিৰ্দেশনা আনিব৷ আপোনাৰ নেতৃত্বৰ ক্ষমতা স্বীকৃত হব৷ সমাজত প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ত নতুন চুক্তি বা অংশীদাৰিত্ব লাভজনক প্ৰমাণিত হব৷ আপুনি বিদেশ ভ্ৰমণ বা উচ্চশিক্ষা সম্পৰ্কিত কিছু সুসংবাদ পাব পাৰে৷ আৰ্থিক লাভৰো প্ৰৱল সম্ভাৱনা আছে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে গুৰু উদয়ৰ সময় খুবেই উপকাৰী প্ৰমাণিত হব৷ বিশেষকৈ যিসকলে শিক্ষা, লেখাপঢ়া, আইন বা বিচাৰ ক্ষেত্ৰৰ সৈতে যুক্ত তেওঁলোকে দুৰ্দান্ত সাফল্য পাব পাৰে৷ আপোনাৰ কথাত মানুহ মুগ্ধ হব৷ আপোনাৰ ব্যৱহাৰত মধুৰতা থাকিব৷ বেংক বেলেন্স বাঢ়িব৷ বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷
মকৰ ৰাশি
গুৰু উদয়ৰ কাৰণে মকৰ ৰাশিৰ জাতকে ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ বৰ্তমান পৰ্যন্ত অসম্পূৰ্ণ পৰিকল্পনাসমূহ সম্পূৰ্ণ কৰিব পাৰে৷ চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে৷ যি ভৱিষ্যতে অগ্ৰগতিৰ পথ খুলি দিব৷ সম্পত্তি বা যানবাহন ক্ৰয়ৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব৷
মীন ৰাশি
মীন ৰাশিৰ ওপৰত গুৰুৰ প্ৰত্যক্ষ দৃষ্টি অত্যন্ত ফলপ্ৰসূ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু দীৰ্ঘদিন ধৰি ৰৈ থকা কাম দ্ৰুতগতিত সম্পন্ন হব৷ এই সময় শিক্ষাৰ্থীসকলৰ বাবেও অনুকূল৷ অৰ্থ লাভৰ ওপৰিও আধ্যাত্মিক অগ্ৰগতিৰ লক্ষণ আছে৷ ধৰ্মীয় ভ্ৰমণৰ সম্ভাৱনা থাকিব পাৰে আৰু জীৱনত শান্তি আৰু ভাৰসাম্যৰ অনুভূতিও বিৰাজ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















