বিমানবন্দৰৰ আশেপাশে যিসকলৰ বাহন আছে তেওঁলোক সাৱধান৷ যদি বিধি মানি সেই ঘৰ তৈয়াৰ নহয় তেন্তে ভঙা হব পাৰে সেই ঘৰ৷ আহমেদাবাদৰ ভয়াৱহ বিমান দূৰ্ঘটনাৰ প্ৰেক্ষিতত বিমানবন্দৰৰ আশেপাশে এক নিৰ্দিষ্ট এলেকাৰ মাজত কোনো ঘৰ বা অন্য কোনো কাঠামো নিৰ্মাণৰ ওপৰত নিয়ন্ত্ৰণ আৰু কঠোৰ কৰিব অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে৷ এই বিষয়ে মন্ত্ৰণালয়ে এক নতুন খচৰা বা বিধিমালা প্ৰকাশ কৰিছে৷
https://x.com/ANI/status/1935497030136205782
বিমান বিধিমালা ২০২৫
১২ জুনত এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭ ড্ৰিমলাইনাৰ ভাঙি পৰিছিল৷ ইয়াৰ ঠিক এক সপ্তাহৰ পাছত বৃহস্পতিবাৰে বিমান বিধিমালা ২০২৫ জাৰি কৰিছে অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে৷ মন্ত্ৰণালয়ে জনাইছে যে চৰকাৰী গেজেটত এই বিধিমালা প্ৰকাশিত হোৱাৰ দিনাখনৰ পৰাই এয়া কাৰ্যকৰী হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















