এয়াৰ ইণ্ডিয়াৰ বোয়িং বিমান বিপৰ্যয়ৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ সেই বিমানৰ চালকে মে ডে কল কৰিল্ও শেষৰক্ষা হোৱা নাই৷ সেই দুৰ্ঘটনাৰ পৰা শিক্ষা লৈ মে ডে কল কৰিলে ইণ্ডিগো বিমানৰ পাইলটে৷ পাইলটৰ তৎপৰতাত ইণ্ডিগোৰ গুৱাহাটী-চেন্নাইগামী বিমানখনে বাংগালুৰুত জৰুৰী অৱতৰণ কৰে৷
বিমানত ইন্ধন কম থকাৰ বাবেই জৰুৰী অৱতৰণ কৰা হৈছে বুলি জনাইছে৷ ঘটনাটো বৃহস্পতিবাৰৰ৷ জনা গৈছে ১৬৮ জন যাত্ৰীক লৈ গুৱাহাটীৰ পৰা চেন্নাইগামী ইণ্ডিগোৰ বিমানে বিগত বৃহস্পতিবাৰে নিশা চৰম সংকটত পৰিছিল৷ ইন্ধন শেষ হোৱাৰ কথা জনাবলৈ পাইলটে মে ডে কল কৰে৷ শেষপৰ্যন্ত সেই বিমানখনত বাংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে৷
সূত্ৰৰ খবৰ অনুসৰি গন্তব্যৰ পৰা ৩৫ মাইল দূৰৈত থকা অৱস্থাত পাইলটে মে ডেৰ সংকেত পঠিয়াই৷ বিমানৰ হঠাৎ ওঠানমা হোৱাত যাত্ৰীসকলৰ মাজত আতংকইয়ো বিৰাজ কৰে৷ শেষপৰ্যন্ত সকলো নিৰাপদেই আছিল৷ বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ একাধিক সূত্ৰই জনাইছে যে পাইলটে দ্বিতীয়বাৰ অৱতৰণৰ চেষ্টা নকৰি চিধাই বাংগালুৰুলৈ ৰাওনা হয়৷
জনা গৈছে, সংকেত পোৱাৰ লগে লগেই এয়াৰ ট্ৰেফিক কণ্ট্ৰল গ্ৰাউণ্ড ষ্টাফসকলক সতৰ্ক কৰি দিয়া হৈছে৷ মেডিকেল আৰু প্ৰতিৰক্ষা কৰ্মীসকলো প্ৰস্তুত আছিল৷ নিশা ৮ বাজি ২০ মিনিটত বিমানখনে বাংগালুৰুত নিৰাপদে অৱতৰণ কৰে৷ এক সূত্ৰই জনাইছে যে বিমানখনে যেতিয়া গ’ এৰাউণ্ড কৰে তেতিয়াই তাৰ ওচৰত বাধ্যতামূলক মিনিমাম ডাইভাৰছন ফুয়েল নাছিল বুলি জনা গৈছে৷
বাংগালুৰুত অৱতৰণৰ পাছতেই ফ্লাইটৰ ক্ৰুৱে ঘোষণা কৰে যে বিমানখনত ইন্ধন ভৰোৱাৰ পাছতেই আকৌ চেন্নাই অভিমুখে যাত্ৰা কৰিব৷ তাৰপিছতেই অন্য পাইলটসকলৰ পৰিচলানাত বিমানখনে নিশা ১১.২৫ মিনিটত চেন্নাইত অৱতৰণ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















