মিথুন ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ
মিথুন ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত বৃহৎ ক্ষতিৰ সন্মুখীন হব পাৰে৷ ১৩ জুলাইৰ পৰা ২৮ নৱেম্বৰ পৰ্যন্ত এটাৰ পাছত আনটো বিপদৰ মুখত পৰিব মিথুন ৰাশিৰ জাতক৷ চাকৰি আৰু ব্যৱসায়, উভয় ক্ষেত্ৰতেই আপুনি নানান সমস্যাৰ সন্মুখীন হব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ অৱনতি হব৷ নানান কাৰণত টেনছনত থাকিব৷ কোনো কামতেই সাহায্য নাপায় মিথুন ৰাশিৰ জাতকে৷
কন্যা ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ
কন্যা ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত সাংসৰিক অশান্তিত ভুগিব৷ শনিৰ বক্ৰী চলনৰ ফলত দাম্পত্য জীৱনত অশান্তি বাঢ়িব৷ স্বামী স্ত্ৰীৰ মাজত নানান কাৰণত মতানৈক্য হব৷ যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বিবাহত বাধা আহিব পাৰে৷ বিয়া পিছুৱাইয়ো যাব পাৰে৷ আনকি বিয়া ভাঙিবও পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় যিসকলে কৰি আছে তেওঁলোক ক্ষতিৰ মুখত পৰিব৷
বৃশ্চিক ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ
শনিৰ বক্ৰী চলনৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক আৰ্থিক সংকটৰ মুখত পৰিব৷ হঠাৎ কোনো ডাঙৰ খৰচ ওলাব৷ অকাৰণত ধন খৰচ নকৰিব৷ অন্যথা ঋণ লব লগা হব পাৰে৷ এই পৰিস্থিতিত কাকোৱেই ভুলতো ধন ধাৰলৈ নিদিব৷ এই সময়ত কাৰোবাক ধন ধাৰলৈ দিলে সেই ধন উভতাই পোৱাৰ আশা ক্ষীণ৷ কৰ্মক্ষেত্ৰত অৱহেলাই আপোনাৰ ক্ষতি কৰিব পাৰে৷