আজি ২৫ জুন ২০২৫৷ পঞ্জিকা অনুসৰি আজি ১০ আহাৰ৷ আজিৰ দিনটো সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিয়ে একেলগে মিথুন ৰাশিত অৱস্থান কৰিব৷ ফলত তৈয়াৰ হব বিৰল ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি আজি বৃহস্পতি আৰু চন্দ্ৰই গজকেশৰী যোগ তৈয়াৰ কৰিব৷ সকলো মিলি একাধিক শুভযোগৰ প্ৰভাৱত আজিৰ দিনটো কেইটামান ৰাশিৰ বাবে আৰ্থিক দিশৰ পৰা অত্যন্ত লাভজনক হব পাৰে৷
বৃষ ৰাশি
আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো অত্যন্ত শুভ৷ চন্দ্ৰ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱত ব্যৱসায়ত লাভৱান হোৱাৰ সম্ভাৱনা প্ৰৱল৷ যিসকল নিজস্ব ব্যৱসায়ত যুক্ত তেওঁলোকে পুৰণি বিনিয়োগৰ পৰা আজি মুনাফা পাব৷ চাকৰিয়ালৰ বাবে বোনাছ বা প্ৰমোছনৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
ত্ৰিগ্ৰহী যোগ আৰু গজকেশৰী যোগৰ প্ৰভাৱত আজি মিথুন ৰাশিয়ে যতে হাত দিব সেয়াই সোণ হৈ পৰিব৷ বিশেষকৈ যিসকলে ফ্ৰিলেন্সিং, মিডিয়া অনলাইন ব্যৱসায় বা ৰিটেইল চেক্টৰত কাম কৰি আছে তেওঁলোকৰ বাবে উপাৰ্জনৰ নতুন দুৱাৰ খুলিব পাৰে৷
কন্যা ৰাশি
কোনো পুৰণি লেনদেনৰ পৰা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ ঋণমুক্ত হোৱাৰ পথ প্ৰশস্ত হব পাৰে৷ অফিচত কোনো দীৰ্ঘম্যাদি প্ৰকল্পৰ সৈতে যুক্ত হলে তাৰ মাধ্যমেৰে আৰ্থিক লাভ হব৷ যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে তেওঁলোকে আজি চাকৰি লাভ কৰিব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক ক্ষেত্ৰত সুখবৰে অপেক্ষা কৰিছে৷ যিসকলে এক্সপোৰ্ট ইমপোৰ্ট কৰে তেওঁলোকে বাহিৰৰ চহৰৰ পৰা আৰ্থিক সুবিধা পাব৷ যিসকলে যৌথ বিনিয়োগ কৰি আছে তেওঁলোকে আজি অংশীদাৰিত্বত লাভৱান হব পাৰে৷ বহু দিন ধৰি ৰৈ থকা বেংক সম্পৰ্কিয় কাম আজি সুকলমে সম্পন্ন হব৷
কুম্ভ ৰাশি
বৃদ্ধি যোগৰ প্ৰভাৱত আজি কুম্ভ ৰাশি আৰ্থিকভাৱে লাভৱান হব৷ যিসকলে পেছাগতভাৱে গৱেষণা, শিক্ষা বা পৰামৰ্শমূলক কামৰ সৈতে যুক্ত তেওঁলোকৰ আজি অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ বেচৰকাৰী ক্ষেত্ৰত নতুন প্ৰজেক্ট বা ক্লায়েণ্ট লাভৰ সুযোগ আহিব৷ পাৰিবাৰিকভাৱে অপ্ৰত্যাশিত ধন লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















