শ্বেয়াৰ বজাৰত লোকচানৰ কাৰণে বেছিভাগ মানুহৰেই এতিয়া নিৰাপদ বিনিয়োগৰ স্থান হৈছে পোষ্ট অফিচ৷ পোষ্ট অফিচে আৰম্ভ কৰিছে ক্ষুদ্ৰ সঞ্চয় প্ৰকল্প৷ এই প্ৰকল্প নিৰাপদ বিনিয়োগৰ মাধ্যম৷ যত নিশ্চিত আয় সম্ভৱ৷ ইয়াৰ আওঁতাত বহু প্ৰকল্প অন্তৰ্ভূক্ত কৰা হৈছে যাৰ মাধ্যমেৰে আপুনি বিনিয়োগ কৰি প্ৰচুৰ অৰ্থ জমা কৰিব পাৰে৷
ইয়াৰ মাজত এটা হৈছে ৰেকাৰিং ডিপজিট প্ৰকল্প বা আৰ ডি স্কিম যাৰ ম্যাদ ৫ বছৰ৷ আপুনি নিকটবৰ্তী যিকোনো পোষ্ট অফিচত গৈ পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট প্ৰকল্পত এটা একাউণ্ট খুলিব পাৰে৷ ইয়াত ১০০ টকাৰ পৰা বিনিয়োগ কৰিব পাৰে৷ পোষ্ট অফিচ আৰ ডিৰ ম্যাদপূৰ্তিৰ সময়কাল পাঁচ বছৰ৷ আপুনি যদি এই সময়কাল শেষ হোৱাৰ পূৰ্বে একাউণ্টটো বন্ধ কৰিব খোজে তেন্তে এই সঞ্চয় প্ৰকল্পত সেই সুবিধাও পাব৷
বিনিয়োগকাৰীয়ে ৩ বছৰৰ পাছত প্ৰি মেচিউৰ ক্লোজাৰ কৰিব পাৰে৷ ইয়াত ঋণৰ সুবিধাও আছে৷ একাউণ্টটো এবছৰ সক্ৰিয় থকাৰ পাছতেই জমাৰ পৰিমাণৰ ৫০শতাংশ পৰ্যন্ত ঋণ লব পাৰে৷ আৰ ডি স্কিমত বাৰ্ষিক সুদৰ হাৰ ৬.৮শতাংশ৷
পোষ্ট অফিচৰ আৰ ডি স্কিমত বিনিয়োগ আৰু সুদৰ হিচাপ
যদি এই স্কিমত প্ৰতিমাহে ৫০০০ টকাকৈ বিনিয়োগ কৰে তেন্তে ম্যাদপূৰ্তিৰ সময়ত অৰ্থাৎ পাঁচ বছৰত আপুনি মুঠ ৩লাখ ধন জমা কৰিব আৰু ৬.৭শতাংশ হাৰত সুদৰ পৰিমাণ হব ৫৬৮৩০ টকা৷ অৰ্থাৎ পাঁচ বছৰ আপুনি লাভ কৰিব ৩,৫৬,৮৩০ টকা৷ আপুনি যদি আৰ ডি একাউণ্টটো আৰু পাঁচ বছৰৰ বাবে বঢ়াব খোজে তেন্তে ১০ বছৰত আপোনাৰ জমা হব মুঠ ৬০০০০০ টকা৷ ইয়াৰ সৈতে ৬.৭শতাংশ হাৰত সুদৰ পৰিমাণ হব ২,৫৪,২৭২ টকা৷ যদি এইধৰণে চোৱা যায় তেন্তে ১০ বছৰৰ মাজত আপোনাৰ মুঠ জমা হোৱা ধনৰ পৰিমাণ হব ৮,৫৪,২৭২ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















