বৈদিক জ্যোতিষ অনুসৰি সৌৰজগতৰ ৰজা সূৰ্যই এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ সেই হিচাপে সম্পূৰ্ণ ৰাশিচক্ৰ ঘূৰি আহিবলৈ সূৰ্যক মুঠ এবছৰ সময় লাগে৷ অৱশ্যে ৰাশি এৰিও সূৰ্যই মাজে মাজে নিজৰ নক্ষত্ৰ সলনি কৰি থাকে৷ আগষ্টত জ্যোতিষ গণনাৰ বিচাৰত এক বিৰল ঘটনা ঘটিব৷ আগন্তুক মাহৰ সূৰ্যই দুবাৰ নহয় মুঠ তিনিবাৰ নিজৰ অৱস্থান সলনি কৰিব৷
আগষ্টত সূৰ্যৰ গোচৰ
আগন্তুক ৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য৷ ইয়াৰ পাছতেই ১৭ আগষ্টত কৰ্কট এৰি সিংহ ৰাশিত সূৰ্যৰ গোচৰ আৰম্ভ হব৷ ইয়াৰপাছতেই মাহৰ শেষত আগন্তুক ৩০ আগষ্টত সূৰ্যই পূৰ্ব ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এমাহৰ ভিতৰত সূৰ্যৰ তিনিবাৰ গোচৰৰ ফলত নানান দিশৰ পৰা লাভৱান হব চাৰি ৰাশিৰ জাতক৷ জানি থওক আগষ্টত সূৰ্যৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?
বৃষ ৰাশি
আগষ্টত সূৰ্যই তিনিবাৰ গোচৰ কৰাৰ ফলত বৃষ ৰাশিৰ জাতকে বিপুল সুফল পাব৷ আগন্তুক মাহত সমাজত সন্মান, সম্পদ আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতি মজবুত হব৷ আৰ্থিকভাৱেও উন্নতি কৰিব৷ নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সূৰ্যই তিনিবাৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ লক্ষ্য কৰা যাব এই ৰাশিৰ ওপৰত৷ এই সময়ত কোনো ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে আপুনি৷ আত্মবিশ্বাস বাঢ়িব৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হব৷ সমাজত জনপ্ৰিয়তা বাঢ়িব৷
তুলা ৰাশি
সূৰ্যৰ এটাৰ পাছত আনটো গোচৰৰ প্ৰভাৱত আগন্তুক মাহত উল্লেখযোগ্য ভাৱে উপাৰ্জন বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ বিনিয়োগৰ পৰা লাভৱান হব৷ প্ৰেম জীৱন ভালে থাকিব৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলি যাব৷ লটাৰি জিকিব পাৰে৷ শ্বেয়াৰ মাৰ্কেটৰ পৰাও লাভৱান হ’ব৷
বৃশ্চিক ৰাশি
সূৰ্যৰ গোচৰৰ প্ৰভাৱত আগষ্টত একাধিক পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব বৃশ্চিক ৰাশিৰ জাতকে৷ কেৰিয়াৰত আপোনাৰ পৰিস্থিতি মজবুত হ’ব৷ ব্যৱসায়ত লাভ হব৷ আপোনাৰ বিৰোধীসকল পৰাজিত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















