আজি ২৯ জুলাই ২০২৫ মঙলবাৰে চন্দ্ৰই দিনজুৰি কন্যা ৰাশিত গোচৰ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি শাওনৰ শুক্ল পঞ্চমী তিথি। জ্যোতিষ গণনা অনুসৰি আজি থাকিব শিৱ যোগ আৰু সিদ্ধ যোগৰ প্ৰভাৱ। আজি আছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰৰ প্ৰভাৱো। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈছে। হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব। জানি থওক আজিৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
২৯ জুলাইত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে। আজি আপোনাৰ সাহস আৰু ধৈৰ্য্য বাঢ়িব। শত্ৰু মেষ ৰাশিৰ জাতকৰ সন্মুখত পৰাজিত হব। সামাজিক জনসেৱামূলক কামত আজি যোগ দিব পাৰে। যিসকলে চাকৰিৰ চেষ্টা কৰি আছে তেওঁলোকে বজৰংবলীৰ আশীৰ্বাদত চাকৰি লাভ কৰিব পাৰে। পৰিয়ালত সুখৰ পৰিবেশ থাকিব।
মিথুন ৰাশি
আজিৰ দিনটো সিদ্ধ যোগৰ শুভ প্ৰভাৱত সৌভাগ্য়ময় হব মিথুন ৰাশিৰ জাতকৰ বাবে। আজি আপুনি নিজৰ সকলো কামতে সাফল্য লাভ কৰিব। শত্ৰুৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব খুজিলেও সেই চেষ্টাত ব্যৰ্থ হব। নিজৰ বুদ্ধি আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব।
সিংহ ৰাশি
আজিৰ দিনটো বিশেষ সৌভাগ্যপূৰ্ণ হব সিংহ ৰাশিৰ জাতকৰ বাবে। আজি কোনো অতিৰিক্ত সূত্ৰৰ পৰা অৰ্থ লাভ কৰিব পাৰে। চৰকাৰী প্ৰকল্পৰ পৰাও লাভ হব পাৰে। যি বিষয়সমূহত বিগত দিনত আপুনি বাধা বুলি ভাৱিছিল সেই বাধা দূৰ হব। সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে লেখাপঢ়াত সাফল্য পাব।
তুলা ৰাশি
আজি উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত সাফল্যই অপেক্ষা কৰিছে তুলা ৰাশিৰ জাতকৰ বাবে। আজি নিজৰ জ্ঞান আৰু বুদ্ধিৰ জোৰত সকলো বিপদ দূৰ হব। কেৰিয়াৰত সাফল্য়ৰ যোগ আছে। অতিৰিক্ত অৰ্থ লাভ কৰিব পাৰে। মানসিক চাপ আৰু অৱসাদ দূৰ হৈ মন আনন্দপূৰ্ণ হৈ থাকিব।
মকৰ ৰাশি
আজি দিনজুৰি শিৱ যোগৰ প্ৰভাৱত শুভ ফল লাভ কৰিব মকৰ ৰাশিৰ জাতকে। আজি সমাজত কোনো বিশেষ স্থান আপুনি অৰ্জন কৰিব পাৰে। মকৰ ৰাশিৰ জাতকে সকলো কামতে পৰিয়ালক কাষত পাব। আজি আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব। বিনিয়োগ কৰিলে তাৰ পৰা আপুনি লাভ পাবই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















