কেতিয়াবা আপুনি ভাৱি চাইছেনে, যদি ঋণ লোৱাৰ পাছত এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই ঋণ বেংকক কোনে পৰিশোধ কৰিব লাগে? ঋণ লৈ মৃত্যু হোৱা ব্যক্তিৰ সন্তানে এই ঋণ পৰিশোধ কৰিব লাগে নেকি? পুত্ৰৰ সঞ্চয়ত প্ৰভাৱ পৰে নেকি এই ঋণৰ বাবে? ভাৰতত এই বিষয়ত স্পষ্ট আইন তৈয়াৰ কৰি থোৱা আছে৷ কিন্তু কিছু লোক বহু সময়ত বিভ্ৰান্ত হয়৷ এক নজৰত জানি থওক সমস্ত বিষয়৷
ভাৰতীয় আইন অনুসৰি সন্তানসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ ঋণ পৰিশোধ কৰাৰ কোনো ব্যক্তিগত দায়িত্ব নাই৷ যদি তেওঁ সেই ঋণৰ বাবে জামিনদাৰ হিচাপে স্বাক্ষৰ কৰা নাই কৰা৷ অৰ্থাৎ কেৱল পুত্ৰ বা কন্যা হলেই পিতৃৰ ঋণ পৰিশোধ কৰিব তাত কোনো বাধ্যবাধকতা নাই৷ যদি মৃত ব্যক্তিৰ কোনো সম্পত্তি বা অৰ্থ বা অন্য সম্পদ আছে সেই সম্পত্তিহে বেংকে হস্তগত কৰে৷ এই পৰিস্থিতিত আইনৰ অধীনত মৃত ব্যক্তিৰ সম্পত্তিৰ পৰা বকেয়া পৰিমাণ আদায় কৰাৰ অধিকাৰ দিয়া হৈছে৷ সম্পত্তি উত্তৰাধিকাৰীসকলৰ মাজত ভাগ কৰাৰ পূৰ্বে বেংকে পাবলগীয়া মূল্য আদায় কৰি লয়৷ এই দায়িত্ব কেৱল উত্তৰাধিকাৰীৰ দ্বাৰা উত্তৰাধিকাৰসূত্ৰে প্ৰাপ্ত সম্পত্তিৰ মূল্যৰ মাজত সীমাবদ্ধ৷ ইয়াৰ বাহিৰে আন কোনো দায়িত্ব উত্তৰাধিকাৰীৰ নাই৷
সন্তানৰ পৰা আদায়ৰ অধিকাৰ নাই
এক উদাহৰণৰ সৈতে চোৱা যাওক সমগ্ৰ বিষয়৷ যদি মৃত ব্যক্তিয়ে ১ লাখ টকা ঋণ লয় আৰু তেওঁৰ সম্পত্তিৰ মূল্য ২ লাখ হয় তেন্তে তেওঁৰ সেই সম্পত্তিৰ পৰা ঋণ পৰিশোধ কৰা হব৷ কিন্তু যদি সম্পত্তিৰ মূল্য ঋণতকৈ কম হয় অৰ্থাৎ ১ লাখতকৈ কম টকাৰ সম্পত্তি থাকে তেন্তে বকেয়া ধণৰ পৰিমাণো মাফ কৰি দিয়া হয়৷ কাৰণ তেওঁৰ সন্তানৰ পৰা সেয়া আদায় কৰাৰ অধিকাৰ আইনত নাই৷ যদি আমি ব্যক্তিগত ঋণ, শিক্ষা, ঋণ বা ক্ৰেডিট কাৰ্ডৰ বকেয়া ঋণৰ কথা কোৱা হয় তেন্তে এইসমূহত কোনো সম্পত্তি বন্ধকত ৰখা নহয়৷ এই পৰিস্থিতিত পাবলগীয়া ধন মৃত ব্যক্তিৰ সম্পত্তিৰ পৰা আদায় কৰা হয়৷ এই সম্পত্তি বেংক একাউণ্ট, ফিক্সড ডিপোজিট, মিউচুৱেল ফাণ্ড, গহনা বা গৰৰ দৰে সামগ্ৰীও হব পাৰে৷ যদি সম্পত্তিৰ মূল্য ঋণ দূৰীকৰণৰ বাবে যথেষ্ট হয় তেন্তে ঋণ পৰিশোধ তাৰপৰাই কৰিব পাৰি৷ কিন্তু যদি কোনো সম্পত্তি নাথাকে বা থকা সম্পত্তিৰ মূল্য ঋণতকৈ কম হয়, তেন্তে উত্তৰাধিকাৰীয়ে নিজৰ টকাৰ পৰা ঋণ পৰিশোধ কৰাৰ প্ৰয়োজন নাই৷
গৃহঋণ আৰু বাহন ঋণৰ মাজত পাৰ্থক্য কি
গৃহঋণ বা বাহন ঋণক সুৰক্ষিত ঋণ বুলি কোৱা হয়৷ এই ক্ষেত্ৰত পৰিস্থিতি কিছু ভিন্ন৷ এই ঋণসমূহ কোনো সম্পত্তিৰ বিপৰীতে লোৱা হয়৷ যেনে ঘৰ বা বাহন মডগেজ দিয়া হয়৷ যদি ঋণগ্ৰহীতাৰ মৃত্যু হয় তেতিয়া এই ঋণৰ বাবে বেংকে সম্পত্তি বাজেয়াপ্ত কৰে আৰু তাৰপৰাই অৰ্থ আদায় কৰে৷ যদি উত্তৰাধিকাৰীয়ে সেই সম্পত্তি ৰাখিব খোজে তেন্তে তেওঁলোকে ঋণটো নিজৰ নামত স্থানান্তৰ কৰি এই অৱশিষ্ট অৰ্থ পৰিশোধ কৰিব লাগে৷ বেংক ঋণ স্থানান্তৰ কৰিব পৰা যাবনে সেই সিদ্ধান্ত উত্তৰাধিকাৰীৰ আৰ্থিক অৱস্থা আৰু ক্ৰেডিট স্কোৰ চাইহে সিদ্ধান্ত লোৱা হয়৷ যদি উত্তৰাধিকাৰীৰ ঋণ লবপৰাকৈ আৰ্থিক অৱস্থা উন্নীত নহয় তেন্তে বেংকে মৃত ব্যক্তিৰ নামৰ সম্পত্তি বাজেয়াপ্ত কৰে৷
উত্তৰাধিকাৰী যদি গেৰেণ্টাৰ হয় কি হব?
যদি কোনো উত্তৰাধিকাৰী সহ ঋণগ্ৰহীতা বা গেৰেণ্টাৰ হয় তেন্তে তেওঁ পুৰণি ঋণ পৰিশোধ কৰিব লাগিব৷ সহ ঋণগ্ৰহীতা বা গেৰেণ্টাৰ হোৱাৰ অৰ্থ হৈছে আৰম্ভণিৰে পৰাই ঋণৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিছে৷ এই পৰিস্থিতিত যদি প্ৰধান ঋণগ্ৰহীতাৰ মৃত্যু হয় তেতিয়া সমস্ত দায়িত্ব সহ ঋণগ্ৰহীতা বা জামিনদাৰৰ ওপৰত বৰ্তি থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ