আজি ১১ আগষ্টত পঞ্জিকা অনুসৰি পালিত হৈছে শাওনৰ শেষ সোমবাৰ৷ আগন্তুক ১৭ আগষ্টত জন্মাষ্টমী তিথিত কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ এই দিনতেই শেষ হব মহাদেৱৰ প্ৰিয় শাওন মাহ৷ হিন্দু ধৰ্মাৱলম্বীসকলৰ কাষত শাওন মাহ অত্যন্ত পবিত্ৰ৷ প্ৰচলিত বিশ্বাস এই সময়ত মৰ্ত্যলৈ নামি আহে স্বয়ং মহাদেৱ৷ সেয়ে শাওন মাহ জুৰি নানানভাৱে দেৱাদিদেৱক প্ৰসন্ন কৰাৰ চেষ্টা কৰে ভক্তসকলে৷ আজি শাওনৰ শেষ সোমবাৰে জানি থওক শাওন মাহ শেষ হোৱাৰ পূৰ্বে কি কি কাম কৰা জৰুৰী?
মহাদেৱৰ অভিষেক
শাওন মাহৰ শেষ সোমবাৰে পঞ্চামৃত দি মহাদেৱৰ অভিষেক কৰক৷ গাখীৰ, দৈ, ঘিঁ মৌ আৰু চেনী দি তৈয়াৰ হয় পঞ্চামৃত৷ মহাদেৱৰ অভিষেক কৰাৰ ওপৰিও বেল, ধতুৰা আৰু অপৰাজিতা ফুল নিবেদন কৰক৷
মহাদেৱৰ স্তোত্ৰ পাঠ
শিৱ ৰক্ষা স্তোত্ৰ বা শ্ৰী শিৱ পঞ্চকম স্তোত্ৰ পাঠ কৰিলে সুখী হয় মহাদেৱ৷ শাওন মাহ শেষ হোৱাৰ পূৰ্বে অৱশ্যেই এই স্তোত্ৰ পাঠ কৰক৷ ইয়াৰ ফলত ভোলেনাথৰ কৃপাত সম্পদ আৰু সমৃদ্ধি বৃদ্ধি পাব৷ যিসকলে আৰ্থিক সংকটৰ কাৰণে ঋণৰ জালত সোমাই পৰিছে তেওঁলোকে অৱশ্যেই শিৱ ৰক্ষা স্তোত্ৰ বা শ্ৰী শিৱ পঞ্চকম স্তোত্ৰ পাঠ কৰক৷
মহামৃত্যুঞ্জয় মন্ত্ৰ জপ
মৃত্যুভয় দূৰ কৰিবলৈ আৰু অসময়ত মৃত্যুৰ আশংকা দূৰ কৰিবলৈ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা অত্যন্ত জৰুৰী৷ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা অত্যন্ত শক্তিশালী৷ শাওন মাহৰ শেষ সোমবাৰে ১০৮ বাৰ এই মন্ত্ৰ জপ কৰিলে সকলো ধৰণৰ অসুখ-বিসুখৰ পৰা মুক্তি পোৱা সম্ভৱ৷
শিৱলিংগ অক্ষত নিবেদন
শাওন শেষ হোৱাৰ পূৰ্বে শিৱলিংগত অক্ষত নিবেদন কৰক৷ বাস্তুশাস্ত্ৰ অনুসৰি শিৱলিংগত অক্ষত নিবেদন কৰা অত্যন্ত শুভ৷ ইয়াৰ ফলত ঋণৰ পৰা মুক্তি পোৱা যায়, কোষ্ঠীত চন্দ্ৰৰ অৱস্থান ভাল হলে মানসিক অস্থিৰতা দূৰ হয় আৰু দাৰিদ্ৰ দূৰ হয়৷ শাওনৰ শেষ দিনত শিৱলিংগৰ জলাভিষেক কৰি একমুঠি অক্ষত নিবেদন কৰক৷
ঘৰলৈ আনক নন্দী, ত্ৰিশূল, ডম্বৰু
শাওন মাহ শেষ হোৱাৰ পূৰ্বে ঘৰত পিতলেৰে তৈয়াৰী নন্দী অৱশ্যেই আনক৷ ইয়াৰোপৰি পবিত্ৰ শাওন মাহ শেষ হোৱাৰ পূৰ্বে এটা ত্ৰিশূল আনি পূজাৰ স্থানত ৰাখক৷ ইয়াৰ ফলত জীৱনৰ অস্থিৰতা দূৰ হয়৷ শাৰীৰিক আৰু মানসিক সমস্যা দূৰ হয়৷ শাওন শেষ হোৱাৰ পূৰ্বে এটা ডম্বৰু আনি ঘৰৰ উত্তৰ পূৰ্ব দিশত স্থাপন কৰক৷ ইয়াৰ ফলত সংসাৰত সুখ আৰু সমৃদ্ধিৰ পৰিবেশ বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















