ঋণগ্ৰহীতাৰ বাবে সুখবৰ৷ প্ৰথমবাৰ ঋণগ্ৰহীতা অথচ কোনো চিবিল স্কোৰ নাই, তেতিয়াও দেশৰ কোনো বেংকেই ঋণৰ আবেদন নাকচ কৰিব নোৱাৰিব৷ লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বক্তব্য ৰাখিবলৈ গৈ এই কথা স্পষ্ট কৰি জনাইছে বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে৷ তেওঁৰ মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণৰ বাবে কোনো নূন্যতম ক্ৰেডিট স্কোৰৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰা নাই৷
সাধাৰণতে ছিবিল স্কোৰৰ ভিত্তিতেই বেংকৰ তৰফৰ পৰা কোনো ব্যক্তিক ঋণ দিয়া হয় আৰু ঋণৰ ওপৰত সুদৰ হাৰো নিৰ্ভৰ কৰে৷ চলিত বছৰৰ জানুৱাৰীয়েই আৰ বি আই নিৰ্দেশিকা উল্লেখ কৰি বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, ‘প্ৰথমবাৰ ঋণগ্ৰহীতাৰ ঋণৰ আবেদন কেৱলমাত্ৰ ঋণৰ পূৰ্ব ৰেকৰ্ড বা ইতিহাস নথকাৰ কাৰণে প্ৰত্যাখ্যান কৰা উচিত নহয়৷’ মন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে, ভাৰতৰ নিয়ন্ত্ৰণমুক্ত ঋণ পৰিবেশত ঋণদাতাৰ বোৰ্ড অনুমোদিত নীতি আৰু বিস্তৃত নিয়ন্ত্ৰক নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি বাণিজ্যিক সিদ্ধান্ত স্বাধীনভাৱে লব পাৰে৷ ঋণগ্ৰহীতাৰ ক্ৰেডিট তথ্য ৰিপৰ্ট কোনো ঋণ মঞ্জুৰৰ পূৰ্বে বিবেচ্য বিষয়সমূহৰ মাজত এক অন্যতম বিষয়৷
ছিবিল স্কোৰ কি?
ছিবিল স্কোৰ হৈছে প্ৰকৃততে এটা তিনিটা অংকৰ সংখ্যা যি ৩০০ ৰ পৰা ৯০০ৰ ভিতৰত থাকে৷ এই স্কোৰে প্ৰমাণ কৰে যে আপোনাৰ ঋণৰ ইতিহাস কিমান ভাল৷ ঋণদাতাসকলে প্ৰায়েই গ্ৰাহকৰ ঋণ মঞ্জুৰৰ পূৰ্বে তেওঁলোকৰ চিবিল স্কোৰ পৰীক্ষা কৰি লয়৷ ছিবিল স্কোৰ কম থাকিলে সেই ঋণৰ আবেদন পত্যাখ্যান হৈ যায়৷ অন্যহাতে সময়মতে ইএমআই আৰু ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰি ক্ৰেডিট ইউটিলিটি ৩০-৪০ শতাংশৰ তলত ৰাখি সুৰক্ষিত আৰু অসুৰক্ষিত ঋণৰ এক সুস্থ মিশ্ৰণ বৰ্তাই ৰাখিব পাৰিলে আপোনাৰ ছিবিল স্কোৰ আৰু উন্নত হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















