ৰেস্তোৰাত খোৱাবোৱা, শ্বপিং কৰা সকলোতেই মোবাইল নম্বৰ বিচৰা হয়৷ বহুতৰেই নিশ্বয় এই অভিজ্ঞতা আছে৷ এই মোবাইল নম্বৰ বিচৰা পদ্ধতি শেষ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷
কেন্দ্ৰই নতুন যি তথ্য সুৰক্ষা আইন আনিব খুজিছে তাতেই এই ধৰণে মোবাইল নম্বৰ বিচৰা পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব চৰকাৰে৷ বহুদিন ধৰিয়েই অভিযোগ, ব্যক্তিগত মোবাইল নম্বৰক লৈ মোটা অংকৰ বিনিময়ত সেইসমূহ নম্বৰেই আকৌ অন্যান্য সংস্থাৰ ওচৰত গোপনে বিক্ৰি কৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে৷ নতুন আইনত এতিয়াৰে পৰা কোনো ধৰণেই ব্যক্তিগত নম্বৰ বিক্ৰি কৰিব নোৱাৰিব কোনো সংস্থাই৷ ব্যক্তিগত মোবাইল নম্বৰৰ গোপনীয়তা ৰক্ষা কৰাই এই আইনৰ অন্যতম প্ৰধান উদ্দেশ্য৷
সাধাৰণতে ভৱিষ্যতে বিভিন্ন অফাৰ বা বিল পঠিওৱাৰ অজুহাততেই মোবাইল নম্বৰ বিচাৰে আপুনি শ্বপিং কৰিবলৈ যোৱা দোকান বা মলসমূহে৷ অনিচ্ছাসত্ত্বেও বহুতেই মোবাইল নম্বৰ দিবলৈ বাধ্যও হয়৷ এনেকৈ মোবাইল নম্বৰ দিয়াতো সুৰক্ষাৰ পৰিপন্থী হিচাপে ধৰা হয়৷ বিল পঠিওৱাৰ দৰে কামৰ বাবে বিকল্প পদ্ধতি অনাৰ কথা নতুন আইনত উল্লেখ কৰা হৈছে৷
নতুন আইন অনুসৰি কিয় গ্ৰাহকৰ পৰা মোবাইল নম্বৰ লোৱা হৈছে? কিমান দিনৰ পাছত সেই মোবাইল নম্বৰ ডিলিট কৰা হব সেই সমস্ত তথ্যও গ্ৰাহকক জনাব লাগিব৷ নতুন এই আইনত সমগ্ৰ বিষয়টোক লৈ স্বচ্ছতা অনাৰ চেষ্টা কৰা হৈছে৷ নতুন আইনত কোৱা হৈছে কোনো গ্ৰাহকে যদি মোবাইল নম্বৰ দিবলৈ ইচ্ছা নকৰে তেতিয়াও ব্যৱসায়িক প্ৰতিষ্ঠান অথৱা দোকানদাৰে তেওঁলোকক কোনো পৰিসেৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব৷ মোবাইল নম্বৰৰ বিকল্প হিচাপে ইমেইল আই ডিত পঠিয়াব পাৰে বিল৷ অথবা হাতেলিখা বিলো গ্ৰাহকক দিব পাৰে৷ ইয়াৰোপৰি গ্ৰাহকৰ মোবাইল নম্বৰ লৈ সেই তথ্য অন্য কোনো সংস্থাৰ ওচৰত বিক্ৰি কৰাৰ পদ্ধতিৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ