ন্যায় আৰু কৰ্মৰ কাৰক গ্ৰহ শনি বৰ্তমান মীন ৰাশিত আছে৷ আৰু গ্ৰহৰ সেনাপতি মঙ্গল আছে কন্যা ৰাশিত৷ ফলত এটাই এটাৰ বিপৰীত অৱস্থানত আছে৷ এই অৱস্থা চলিব আগন্তুক ১৩ ছেপ্টেম্বৰ পৰ্যন্ত৷ মঙ্গলে তুলা ৰাশিত গমন নকৰা পৰ্যন্ত এই অৱস্থা থাকিব৷
এই অশুভ যোগে তিনিটা ৰাশিৰ বাবে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্যক্তিগত আৰু পেছাগত জীৱনত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে আৰু বহু ক্ষেত্ৰতেই এই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ উঠিব পাৰে৷
শনি-মঙ্গলৰ দৃষ্টিত কন্যা ৰাশিৰ ওপৰত প্ৰভাৱ
কন্যা ৰাশিত মঙ্গলৰ অৱস্থান মানে আপোনাৰ লগ্নত তৃতীয় আৰু অষ্টম ঘৰৰ অধিপতিয়ে প্ৰৱেশ কৰিছে৷ অন্য দিশত আপোনাৰ সপ্তম ঘৰত শনিয়ে অৱস্থান কৰিছে৷ এই দুই গ্ৰহৰ মাজত যি পাৰস্পৰিক দৃষ্টি তৈয়াৰ হৈছে সেয়া কন্যা ৰাশিৰ জাতকৰ বৈবাহিক জীৱন আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ সমস্যাৰ কাৰণ হব পাৰে৷
এই সময়ত আপোনাৰ বাৰে বাৰে খং উঠিব পাৰে, যাৰ প্ৰভাৱ পৰিব পাৰে ব্যক্তিগত আৰু পেছাগত সম্পৰ্কত৷
চাকৰিয়াল জাতকৰ সহকৰ্মীসকলৰ সৈতে সমস্যা হব পাৰে৷
এই সময়ত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হব পাৰে৷
শনি মঙ্গলৰ দৃষ্টি বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত
শনি মঙ্গলৰ দৃষ্টিৰ কাৰণে বৃশ্চিক ৰাশিৰ জাতক খুবেই সতৰ্ক হৈ থাকক৷ এই সময়ত ব্যক্তিগত আৰু পেছাগত জীৱনত নানান সমস্যা আহিব পাৰে৷
আপোনাৰ আচৰণ আৰু খঙৰ কাৰণে বন্ধু আৰু প্ৰিয়জনে আপোনাৰ পৰা দূৰত্ব অৱলম্বন কৰিব পাৰে৷
আৰ্থিক সমস্যাও এই সময়ত হব পাৰে৷
মানসিক শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে৷
বৈবাহিক জীৱনত সংগীৰ সৈতে কোনো সৰু কাজিয়াই ডাঙৰ ৰূপ ধাৰণ কৰি পাৰে৷
যিসকলে ইতিমধ্যেই ব্যৱসায়িক বা ব্যক্তিগত বিষয়ক লৈ কোনো সমস্যাক আছে তেওঁলোকৰ সেই পৰিস্থিতি আৰু বেয়া হব পাৰে৷
শনি মঙ্গলৰ দৃষ্টিৰ প্ৰভাৱ মীন ৰাশিৰ ওপৰত
মীন ৰাশিৰ জাতকৰ বাবে মঙ্গল হৈছে দ্বিতীয় আৰু নৱম ভাৱৰ অধিপতি, আৰু শনি হৈছে একাদশ আৰু দ্বাদশ ভাৱৰ অধিপতি৷ বৰ্তমান শনিয়ে আপোনাৰ ৰাশিৰ লগ্নভাৱত অৱস্থান কৰিছে আৰু মঙ্গলে অৱস্থান কৰিছে সপ্তম ঘৰত৷ ইয়াৰ ফলত ১-৭ অক্ষ তৈয়াৰ হৈছে৷
শাস্ত্ৰত সপ্তম ঘৰত মঙ্গলৰ অৱস্থানক অশুভ বুলি ধাৰণা কৰা হয় আৰু ইয়াক মঙ্গল দোষৰ কাৰণ হিচাপে ধৰা হয়৷ শাস্ত্ৰ অনুসৰি সপ্তম ঘৰত মঙ্গলৰ উপস্থিতি শুভ নহয় আৰু বহু সময়ত ইয়াক মঙ্গল দোষ বুলি কোৱা হয়৷ এই পৰিস্থিতিয়ে মীন ৰাশিৰ জাতকৰ জীৱনত নানান ধৰণৰ চেলেঞ্জ তৈয়াৰ কৰিব পাৰে৷
সাম্ভাৱ্য প্ৰভাৱসমূহ
কামত দেৰী আৰু বাধা
আপুনি যিকোনো নতুন কাম আৰম্ভ কৰিলে সেয়া ঠিকমতে আগুৱাই নিব নোৱাৰিব৷ বাৰে বাৰে ৰৈ যাব বা বিলম্ব হব৷ ইয়াৰ ফলত আপোনাৰ ধৈৰ্য্য নষ্ট হব পাৰে৷
দাম্পত্য জীৱনত সমস্যা
স্বামী-স্ত্ৰীৰ মাজত অকাৰণতেই কাজিয়া, মতবিৰোধ কিংবা ভুল বুজাবুজি তৈয়াৰ হব পাৰে৷ যিসমূহে দম্পত্তিৰ সম্পৰ্কত খেলিমেলি বঢ়াব আৰু তেওঁলোকৰ বাবে এই সময় আৰু কঠিন হব৷
অৰ্থনৈতিক সমস্যা
টকা-পইছাৰ লেনদেনৰ সময়ত সতৰ্ক হওক৷ অযথা ধাৰ দিয়া বা কাৰোবাক মোটা অংকৰ ধন দিয়াৰ পৰা বিৰত থাকক৷
মানসিক অশান্তি
হঠাৎ মন ভাৰাক্ৰান্ত লাগিব পাৰে৷ কামত আগুৱাই নোযোৱাৰ বাবে দুশ্চিন্তা বাঢ়িব৷ পাৰিবাৰিক অশান্তিৰ পৰা মানসিক চাপ তৈয়াৰ হব পাৰে৷
নতুন কামত বিৰতি
আপুনি যদি নতুন কোনো প্ৰকল্প, ব্যৱসায় বা পৰিকল্পনা আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে সেয়া নকৰি কিছু সময় অপেক্ষা কৰাটোৱেই শ্ৰেয়৷ পৰিস্থিতি শান্ত হলে কাম আৰম্ভ কৰিলে সাফল্যৰ সম্ভাৱনা বেছি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















